নিয়তিৰ পৰিহাস ! কুঁৱাত পৰা মুৰ্গী আঁতৰাবলৈ গৈ ককাই ভাই সহ ৩ যুৱকৰ মৃত্যু...

নিয়তিৰ পৰিহাস !  কুঁৱাত পৰা মুৰ্গী আঁতৰাবলৈ গৈ ককাই ভাই সহ ৩ যুৱকৰ মৃত্যু...

ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰৰ লক্ষীপুৰ ফুলেৰতলত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। কুঁৱাত পৰা মৃত মুৰ্গী আঁতৰাবলৈ গৈ এজন এজন কৈ ৩ জন যুৱকৰ কৰুণ মৃত্যু হয়। দেওবাৰে নিশা লক্ষীপুৰৰ ফুলেৰতল বাইপাছ সংলগ্ন ট্ৰেক্টৰটিলাত এই ঘটনা সংঘটিত হয়।

এজনে আনজনক উদ্ধাৰ কৰিবলৈ গৈ অকালতে মৃত্যু মুখত পৰে ৩ যুৱক ক্ৰমে প্ৰসেনজিৎ দেৱ, মনোজিত দেৱ আৰু অমিত সেন। প্ৰসেনজিৎ আৰু মনোজিত দুয়ো ককাই ভাই বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে, দুদিন পুৰ্বে ঘৰৰ কাষৰ এটা কুঁৱাত মুৰ্গী এটা পৰি মৃত্যু হৈছিল। মুৰ্গীটো মৰি পচি যোৱাৰ ফলত কুঁৱাটোৰ পৰা দুৰ্গন্ধ ওলায়। মৃত‌ মুৰ্গীটো কুঁৱাৰ পৰা তুলিবলৈ গৈ অকালতে মৃত্যু মুখত পৰে ৩ জনকৈ যুৱক।

স্থানীয় লোকৰ ভাষ্য মতে, মৃত মুৰ্গীটো তুলি আনিবলৈ প্ৰথমে কুঁৱাৰ ভিতৰত প্ৰৱেশ কৰে প্ৰসেনজিৎ দেৱ নামৰ যুৱক জনে। বহু সময় ধৰি তেওঁ কুঁৱাৰ পৰা ওলাই নহাত মনোজিত দেৱ নামৰ আন এজন যুৱক কুঁৱাৰ ভিতৰলৈ নামি যায়। দুয়োজন যুৱক দীৰ্ঘ সময় ধৰি ওলাই নহাত তেওঁলোকৰ পৰিয়ালৰ লোক সকলৰ মাজত হুৱাদুৱা লাগে।

প্ৰসেনজিৎ আৰু মনোজিতৰ সন্ধান কৰিবলৈ শেষত কুৱাটোৰ ভিতৰলৈ নামি যায় অমিত সেন।অৱশেষত শ্বাসৰুদ্ধ হৈ ৩ জন যুবকৰে কুঁৱাৰ ভিতৰত কৰুণ মৃত্যু হয়। যথেষ্ট গভীৰ কুঁৱাটোৰ ভিতৰত অক্সিজেনৰ মাত্ৰা একেবাৰে কম থকাৰ ফলত উশাহ ল'ব নোৱাৰি অকাল মৃত্যুক সাবতি ল'ব লগা হয়‌ যুৱক কেইজনে।

ইফালে, ৩ জনকৈ যুৱক কুঁৱাৰ পৰা ওলাই নহাৰ খবৰ পাই ওচৰে-পাজৰে থকা লোক সকল ঘটনাস্থলিত উপস্থিত হয়।ইয়াৰ মাজতে অজয় সেন নামৰ এজন যুৱকে কুঁৱাৰ ভিতৰত আবদ্ধ হৈ থকা যুৱক তিনিজনক উদ্ধাৰ কৰিবলৈ কুঁৱাৰ ভিতৰত প্ৰৱেশ কৰে। কিন্তু ভিতৰত পৰ্যাপ্ত অক্সিজেন নথকা বাবে তেওঁ উশাহ-নিশাহত কষ্ট পাই কুঁৱাৰ পৰা কোনোমতে ওপৰলৈ উঠি আহে।

তাৰ পাছত ৰাজকুমাৰ ৰিকিয়াছান নামৰ আন এজন লোকে সাহস কৰি কুঁৱাৰ ভিতৰলৈ নামি যায়। কিন্তু একে পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁ ওলাই আহিবলৈ বাধ্য হয়।অক্সিজেনৰ অভাৱত তেতিয়ালৈ ৩ জন যুৱকৰ কুঁৱাৰ ভিতৰত মৃত্যু হয়। এনে পৰিস্থিতিত সমগ্ৰ এলেকাত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। লক্ষীপুৰ আৰক্ষী আৰু এচ ডি আৰ এফ'ক খবৰ কৰে।

পৰৱৰ্তি সময়ত লক্ষীপুৰ থানাৰ অ’ চি কমলেশ সিং দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয়। কিছু সময় পিছত অগ্নিনিৰ্বাপক বাহিনী আৰু শিলচৰৰ পৰা এছ ডি আৰ এফ বাহিনীও সেই স্থানত উপস্থিত হয়। শিলচৰৰ পৰা গৈ উপস্থিত হয় কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত কুমাৰ সেন, লক্ষীপুৰ চক্ৰ বিষয়াৰ লগতে লক্ষীপুৰ ডিডিএমৰ কৰ্মচাৰী আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকল। লগতে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাও ঘটনাস্থলীত উপস্থিত হয়।

অক্সিজেন চিলিণ্ডাৰ লৈ এছডিআৰএফ বাহিনীয়ে কুঁৱাৰ ভিতৰত প্ৰবেশ কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় দুঘণ্টা অভিযান চলাই উদ্ধাৰকাৰী দলটোৱে কুঁৱাৰ ভিতৰত অজ্ঞান হৈ পৰি থকা প্ৰসেনজিৎ, মনোজিত আৰু অমিতক উদ্ধাৰ কৰি ওপৰলৈ লৈ আহে। লগে লগেই তেওঁলোকক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। কিন্তু কৰ্তব্যৰত চিকিৎসকে অমিত,মনোজিত আৰু প্ৰসেনজিতৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত ঘোষণা কৰে।

একেলগে তিনিজনকৈ যুৱকৰ কৰুণ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে শোকত ভাঙি পৰে তেওঁলোকৰ পৰিয়াল আৰু আত্মীয় লোক সকল। ইফালে, নিশা মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষা কৰিব পৰা নগ'ল যদিও সোমবাৰে দুপৰীয়া মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়।

নিয়তিৰ পৰিহাস !  কুঁৱাত পৰা মুৰ্গী আঁতৰাবলৈ গৈ ককাই ভাই সহ ৩ যুৱকৰ মৃত্যু...
মেৰাপানীত চি আৰ পি এফৰ গুণ্ডাৰাজঃ অতিষ্ঠ সীমান্তৱৰ্তী ৰাইজ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in