বিহুত ২০ হাজাৰ ঢুলীয়াৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য চৰকাৰৰঃ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

বিহুত ২০ হাজাৰ ঢুলীয়াৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য চৰকাৰৰঃ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...
বিহুত ২০ হাজাৰ ঢুলীয়াৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য চৰকাৰৰঃ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজেই সংবাদ মেল সম্বোধন কৰি ইয়াৰ সিদ্ধান্ত সমূহ ৰাজহুৱা কৰিছে।

এই সংবাদ মেলতেই তেওঁ ঘোষণা কৰে পৰৱৰ্তী ফেব্ৰুৱাৰী মাহৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ওদালগুৰি জিলাত। আজিৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ কৃষি খণ্ডক সামৰি গ্ৰহণ কৰা হৈছে বিশেষ সিদ্ধান্ত।

সেই অনুসৰি ‘ৰাজ্য চৰকাৰে ষ্টেট ফ্ল’ৰিকালচাৰ মিছন গঠনত অনুমোদন জনোৱা হৈছে। ইয়াৰ জৰিয়তে ২০ হাজাৰ কৃষকক জড়িত কৰা হ'ব। ইয়াৰ বাবে প্ৰথম পৰ্যায়ত খৰচ কৰা হ'ব ১৫০ কোটি টকা।

ইয়াৰ উপৰিও কেবিনেটে গ্ৰহণ কৰিছে ৰঙালী বিহুত গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ সিদ্ধান্ত। সেই অনুসৰি ১৫ৰ পৰা ২০ হাজাৰ ঢুলীয়াই অংশগ্রহণ কৰিব এই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰ্যসূচীত। ইয়াৰ বাবে এখন কেবিনেট কমিটীও গঠন কৰা হৈছে। এই কমিটীৰ নেতৃত্ব থাকিব ৪ মন্ত্ৰী। আনহাতে ১৪ এপ্ৰিলত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও।

কেবিনেটত ৰাজ্যৰ নতুন উদ্যোগ নীতিকলৈও আলোচনা কৰা হৈছে। পৰৱৰ্তী কেবিনেটত নতুন উদ্যোগ নীতিৰ গ্রহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। জিলা নিয়োগ বিনিময় কেন্দ্রসমূহ জিলা যুৱ কল্যাণ কেন্দ্রলৈ ৰূপান্তৰিত হ’ব।

আনহাতে দিছপুৰৰ মুখ্যমন্ত্রী কাৰ্যালয় ডিব্রুগড়ৰ পৰাও কাৰ্যকৰী হ’ব। ডিব্রুগড়ত স্থাপন হ’ব মুখ্যমন্ত্রীৰ কাৰ্যালয়। ইয়াৰ উপৰিও তেজপুৰত ৰাজভৱন স্থাপন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

ইফালে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ পদবীৰো নতুনকৈ নামাকৰণ কৰা হৈছে। সেই অনুসৰি জিলা প্রশাসনৰ কৰ্মচাৰীসকলক জুনিয়ৰ ডিচট্রিক এচিছটেণ্ট আৰু ছিনিয়ৰ ডিচট্রিক এচিছটেণ্ট হিচাপে নামাকৰণ কৰা হৈছে।

ইফালে আজিৰ কেবিনেটে ডিব্ৰুগড়ৰ বাবে কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে। সেই অনুসৰি ডিব্রুগড় মেডিকেল কলেজৰ সকলো আৱাস একত্রিত কৰি নতুন অট্টালিকা নিৰ্মাণ কৰা হ'ব। প্ৰায় ৩০০ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰিব ৮ মহলীয়া অট্টালিকা।

বিহুত ২০ হাজাৰ ঢুলীয়াৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য চৰকাৰৰঃ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...
নিৰ্বাচনৰ পূৰ্বেই পৰাজয় কংগ্ৰেছৰঃ প্ৰচাৰৰ বাবে নাহে শীৰ্ষ নেতা, বাহিৰ নহয় বৃহৎ ৰেলী...

ইয়াৰোপৰি ১৫০০ মানুহ বহিব পৰা অত্যাধুনিক আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৫০০ মানুহ বহিব পৰা আন এটা প্রেক্ষাগৃহও হ’ব ডিব্রুগড়ত। জিলাখনত ১৫ হাজাৰ দৰ্শক একেলগে বহিব পৰাকৈ নিৰ্মাণ কৰা হ'ব এখন ষ্টেডিয়াম ।

আনহাচে ডিব্রুগড়ৰ আৰক্ষী নিৱেশৰ খেলপথাৰখনত নতুনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। চৌকিডিঙি খেলপথাৰত ফ্লাড লাইটৰ ব্যৱস্থা গ্রহণ কৰাৰো সিদ্ধান্ত কেবিনেটত।

জিলাখনত ৩খন উৰণ সেতু নিৰ্মাণ কৰা হ’ব। আমোলাপট্টি ৰে’ল ক্রছিং, লাহোৱাল আৰু মানকটাত নিৰ্মাণ কৰা হ'ব উৰণীয়া সেতু তিনিখন। নাহৰকটীয়াত এখন হকী ষ্টেডিয়াম নিৰ্মাণৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

ডিব্ৰুগড়ত নতুনকৈ ৫খন দলং নিৰ্মাণতো অনুমোদন জনোৱা হৈছে। এই আঘোনাবাৰীৰ পৰা তেলপানী সংযোগী পথত এখন, বৰুৱানগৰ-মাহমৰাৰ মাজত দিচাং নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ পৰিকল্পনা।

চেঁচাৰ পৰা ইটাখুলিলৈ ডাবল লেন পথ নিৰ্মাণৰ আৰু আঘোনীবাৰীৰ পৰা খোৱাঙলৈ মথাউৰি পথ নিৰ্মাণৰো সিদ্ধান্ত গ্ৰহণ। জিলাখনত অৱস্থিত ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্রুগড় বিশ্ববিদ্যালয়ত দুটা নতুন বিষয়ত অনুমোদন। এপ্লাইড জিঅ’গ্রাফী আৰু জিঅ’গ্রাফী বিষয় এতিয়াৰে পৰা অন্তৰ্ভুক্ত হ'ব বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰমত।

বিহুত ২০ হাজাৰ ঢুলীয়াৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ লক্ষ্য চৰকাৰৰঃ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত...
বাঁহজানীত অৱসৰী শিক্ষয়িত্ৰী অনিমা দেৱীক বিদায় সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in