বাঁহজানীত অৱসৰী শিক্ষয়িত্ৰী অনিমা দেৱীক বিদায় সম্বৰ্ধনা...

বাঁহজানীত অৱসৰী শিক্ষয়িত্ৰী অনিমা দেৱীক বিদায় সম্বৰ্ধনা...
বাঁহজানীত অৱসৰী শিক্ষয়িত্ৰী অনিমা দেৱীক বিদায় সম্বৰ্ধনা...

ডিজিটেল সংবাদ নলবাৰীঃ নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত বুদ্ৰুকুছিস্থিত নিত্যানন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনিমা দেৱীয়ে আজি অৱসৰ গ্ৰহণ কৰাৰ দিনাই বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উদ্যোগত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। শিক্ষানুষ্ঠানখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্ব দিনৰ ১২ বজাৰ পৰা বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাত অৱসৰ গ্ৰহণ কৰা শিক্ষয়িত্ৰী অনিমা দেৱীক ফুলাম গামোচা, ফুলাম জাপি, ছাটী, চেলেং চাদৰ, শৰাই, মানপত্ৰ, গ্ৰন্থৰ টোপোলা, কলম আদিৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰাৰ সমান্তৰালকৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবাগৰাকীও ব্যাক্তিয়ে শিক্ষয়িত্ৰী গৰাকীক সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা গ্ৰহণ কৰি অনিমা দেৱীয়ে ৩৬ বছৰীয়া শিক্ষকতা জীৱনৰ লগতে নিজৰ অনুভৱ ব্যক্ত কৰি আৱেগিক হৈ পৰে।বিদ্যালয়খনৰ সহঃ শিক্ষক তৰণী কুমাৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা বিদায় সম্বৰ্ধনা সভাখনত নিত্যানন্দ হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি দিলীপ কুমাৰ শৰ্মা, বিদ্যালয়খনৰ শিক্ষক বীৰেন্দ্ৰ কুমাৰ শৰ্মা,মইনুল আলী আহমেদ, প্ৰধান শিক্ষক তপন কুমাৰ শৰ্মা, বিচিত্ৰ বৰ্মন, অৱসৰী শিক্ষয়িত্ৰী প্ৰতিভা মজুমদাৰ, অৱসৰী প্ৰধান শিক্ষক ফনীধৰ ৰামচিয়াৰী, অৱসৰী অধ্যক্ষ ড° তৰুণ শৰ্মা, অৱসৰী প্ৰধান শিক্ষক বিপীন বৈশ্য, অৱসৰী প্ৰধান শিক্ষক যাদৱ চন্দ্ৰ ডেকাৰ লগতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে ভাষণ দিয়ে।

বাঁহজানীত অৱসৰী শিক্ষয়িত্ৰী অনিমা দেৱীক বিদায় সম্বৰ্ধনা...
নিৰ্বাচনৰ পূৰ্বেই পৰাজয় কংগ্ৰেছৰঃ প্ৰচাৰৰ বাবে নাহে শীৰ্ষ নেতা, বাহিৰ নহয় বৃহৎ ৰেলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in