নিৰ্বাচনৰ পূৰ্বেই পৰাজয় কংগ্ৰেছৰঃ প্ৰচাৰৰ বাবে নাহে শীৰ্ষ নেতা, বাহিৰ নহয় বৃহৎ ৰেলী...

নিৰ্বাচনৰ পূৰ্বেই পৰাজয় কংগ্ৰেছৰঃ প্ৰচাৰৰ বাবে নাহে শীৰ্ষ নেতা, বাহিৰ নহয় বৃহৎ ৰেলী...
নিৰ্বাচনৰ পূৰ্বেই পৰাজয় কংগ্ৰেছৰঃ প্ৰচাৰৰ বাবে নাহে শীৰ্ষ নেতা, বাহিৰ নহয় বৃহৎ ৰেলী...

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বেই পৰাজিত কংগ্ৰেছ ! শীৰ্ষ ৰাজনৈতিক নেতাৰ প্ৰচাৰ আৰু ৰেলীয়েও উদ্ধাৰ কৰিব নোৱাৰে কংগ্ৰেছক ! সেয়ে হয়তো নাহে ষ্টাৰ কম্পেইনাৰ, নহয় ডাঙৰ ৰেলী।

মেঘালয়ত নিৰ্বাচনী যুঁজৰ পূৰ্বেই কংগ্ৰেছৰ ৰণস্থলী ত্যাগ। ২৭ ফেব্ৰুৱাৰীত মেঘালয়ত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে গ্ৰহণ কৰা সিদ্ধান্তই এতিয়া মেঘালয়ত কংগ্ৰেছৰ শোচনীয় অৱস্থাৰ কথা প্ৰমাণ কৰিছে।

সাধাৰণতে নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় নেতৃত্বৰ আগমণ ঘটে প্ৰতিখন ৰাজ্যলৈ। নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ঘোষণা কৰা হয় তাৰকা প্ৰচাৰকৰ তালিকা। ভোটাৰক আকৃষ্ট কৰিবলৈ নিৰ্বাচনত অৱতীৰ্ণ দল তথা প্ৰাৰ্থীয়ে বিশাল ৰেলী বাহিৰ কৰি শক্তিৰ প্ৰমাণ ডাঙি ধৰে।

কিন্তু মেঘালয়ত এইবাৰ কংগ্ৰেছৰ নাই কোনো তাৰকা প্ৰচাৰক। নহয় কোনো বিশাল ৰেলী। ইয়াৰ পৰিৱৰ্তে স্থানীয় নেতাই ভোটাৰক আকৰ্ষণৰ বাবে জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নিৰ্বাচনৰ পূৰ্বেই পৰাজয় কংগ্ৰেছৰঃ প্ৰচাৰৰ বাবে নাহে শীৰ্ষ নেতা, বাহিৰ নহয় বৃহৎ ৰেলী...
আদানীৰ ফলত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ?

দেওবাৰে মেঘালয় কংগ্ৰেছৰ সভাপতি ভিনচেণ্ট এইছ পালাই এই বিষয়ে মন্তব্য কৰিছে। তেওঁ কয়, আমাৰ ৮০ শতাংশ প্ৰাৰ্থীয়ে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

কংগ্ৰেছে ভোটাৰসকলক আকৰ্ষণৰ বাবে আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ বাবে স্থানীয় লোকসকলৰ মাজত সৰু সৰু ৰেলী অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব দিব। যাতে ভোটাৰসকলে তেওঁলোকৰ প্ৰাৰ্থীসকলক জানিব পাৰে।

তেওঁ স্পষ্ট কৰি কয় , মেঘালয়ত কংগ্ৰেছৰ তাৰকা প্ৰচাৰক নাথাকিব আৰু কোনো ডাঙৰ ৰাজনৈতিক সমদলো বাহিৰ নহ'ব। উল্লেখ্য যে, ২০২১ ত মেঘালয় কংগ্ৰেছত খহনীয়াৰ সৃষ্টি কৰিছিল।

দলটোৰ ১৭ জন বিধায়কৰ ভিতৰত ১২ জনেই দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। আনহাতে দলবিৰোধী কাৰ্যকলাপত জড়িত হৈ নিলম্বিত হোৱা আন ৫ জন বিধায়কেও পৰৱৰ্তী সময়ত দল ত্যাগ কৰে।

দলটোৰ এই শোচনীয় অৱস্থাৰ কথা উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়, "নেতাসকলে দল এৰি আন ৰাজনৈতিক দলত যোগদান কৰিছে। কিন্তু ভোটাৰসকল আমাৰ (কংগ্ৰেছ) সৈতে আছে। ২ মাৰ্চত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সময়ত ইয়াৰ প্ৰমাণ পোৱা যাব।

উল্লেখ্য যে ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৬০ জনীয়া মেঘালয় বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ৩০ ৰ পৰা ৩৫ খন আসন লাভ কৰিব বুলি পালাই দাবী কৰিছে। তেওঁৰ মতে কংগ্ৰেছে পুনৰ ৰাজ্যখনত শাসনভাৰ দখল কৰিব।

নিৰ্বাচনৰ পূৰ্বেই পৰাজয় কংগ্ৰেছৰঃ প্ৰচাৰৰ বাবে নাহে শীৰ্ষ নেতা, বাহিৰ নহয় বৃহৎ ৰেলী...
কোনো অনুতপ্ত নাছিল! গান্ধীক হত্যা কৰাৰ পাছত নাথুৰাম গডছেৰ কি হ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in