গগনা বনোৱাত ব‍্যস্ত ডিব্ৰুগড় কলাখোৱাৰ ভোগেশ্বৰ গগৈ

গগনা বনোৱাত ব‍্যস্ত ডিব্ৰুগড় কলাখোৱাৰ ভোগেশ্বৰ গগৈ

ডিজিটেল সংবাদ, বৰবৰুৱাঃ গগনা আৰণি গগনা পুৰণি গগনা কিহেৰে বাওঁ, দুফালে দুচটি মাজতে এচটি আঙুলি বোলায়ে বাওঁ। এটা বছৰৰ আগতেই কাটি ধোঁৱা চাঙত তুলি থোৱা আগলি বাঁহডাল এতিয়া নমাবৰ সময় হ'ল। নাছনীয়েও সাজু হৈছে চেনাইয়ে দিয়া মৰমৰ গগনা পাট খোপাত গুজিবলৈ। হৰা পাতৰ অন্তত গছেও মেলিছে ন কুঁহিপাত। ন কুঁহি পাতৰ লগতে কুলি কেটেকীৰ মিঠা মাতেৰে ৰিঙিয়াই মাতিছে ৰঙালীক।

হেঁপাহৰ ৰঙালীলৈ মাজত মাত্ৰ কেইটামান দিন। চ'তে গৈয়ে গৈয়ে পালেহি বহাগ। ধোল, পেঁপা, গগনাৰ মাতেৰে ৰজঞ্জনাই উঠিছে অসমৰ চৌপাশ। হেঁপাহৰ ৰঙালীৰ দিন ক্ৰমাৎ চমু চাপি অহাত আহৰি নোহোৱা হৈছে শিল্পীসকলৰ। ডিব্ৰুগড়ৰ কলাখোৱাৰ বাঁহবাৰী গাঁৱৰ এইগৰাকী শিল্পী ভোগেশ্বৰ গগৈ এতিয়া ব‍্যস্ত হৈ পৰিছে গগনা বনোৱাত। প্ৰায় ২২ বছৰ ধৰি গগনা বনাই আহিছে ব‍্যক্তিজনে। এইবছৰো কোনো ব‍্যতিক্ৰম নহয়। বিভিন্ন ঠাইৰ পৰা আহিছে গগনাৰ অৰ্ডাৰ। প্ৰায় শতাধিক লাহৰী গগনা বনোৱাত ব‍্যস্ত হৈ পৰিছে ব‍্যক্তি জনে।

গগনা বনোৱাত ব‍্যস্ত ডিব্ৰুগড় কলাখোৱাৰ ভোগেশ্বৰ গগৈ
বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in