বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভা...

বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভা...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ শান্তিজানৰ পাৰত অৱস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত দেওবাৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ এখনি সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্যে ব্যখ্যা কৰে সম্পাদক সুনিল বৰুৱাই।

Advertisment

ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জোনমণি ভূঞাৰ লগতে উপেন কাকতি, মহেন্দ্ৰ বৰুৱা, সোমনাথ বৰা, গনেশ দাস, দীপক কৰ, দিব্যজ্যোতি বৰুৱা, অচ্যুত কলিতা, অনুজ বৰুৱাকে আদি কৰি কেইবাগৰাকী ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাই অহা ২৮ এপ্ৰিল তথা ১৫ ব'হাগত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বটদ্ৰৱা কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: কোকৰাঝাৰৰ থুলুংগাপুৰীত ছাত্ৰ দিৱস উদযাপন

batadrava bihu