যোগ আৰু নেচাৰ’পেথি চিকিৎসালয় নিৰ্মাণে খামটি দৌলৰ অস্তিত্বত আঘাট সানিব নেকি?

আহোম ৰাজত্বৰ সময়ৰ এটা দৌল। দৌলটোৱে আজিও বহন কৰি আহিছে এটা পৌৰানিক ঐতিহ্য। তাহানিৰ বৰ অসমৰ সোণালী স্মৃতিৰ সাক্ষী বহন কৰি আহিছে এই দৌলটোৱে।
যোগ আৰু নেচাৰ’পেথি চিকিৎসালয় নিৰ্মাণে খামটি দৌলৰ অস্তিত্বত আঘাট সানিব নেকি?

ডিজিটেল সংবাদ, বৰবৰুৱাঃ বৰ্তমান অৰুণাচল প্ৰদেশৰ খামটি জনজাতীয় লোকসকলৰ বসতি প্ৰধান এখন বৃহৎ গাঁও আছিল ডিব্ৰুগড়ৰ জকাই অঞ্চলত। বুঢ়ীদিহিঙৰ পাৰত অনুপম প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিবেষ্টিত অঞ্চলটোত বিভিন্ন ধৰণৰ কৃষি কৰ্ম কৰি জীৱন নিৰ্বাহ কৰিছিল খামটি জনজাতীয় লোকসকলে।

খামটিসকলৰ উপাস্য দেৱতাক পূজা-অৰ্চনা কৰাৰ বাবে এটা দৌল নিৰ্মাণ কৰিছিল। এই দৌল কেতিয়া নিৰ্মাণ কৰিছিল সঠিক তথ্য নাই যদিও আহোম ৰাজত্বৰ দিনৰে পৰাই থকা বুলি ধাৰণা কৰা হৈছে। খামটিসকলে বসবাস কৰাৰ বাবে জকাইৰ এই গাঁওখন বৰ্তমানো খামটি গাঁও আৰু দৌলটো খামটি দৌল বুলি জনা যায়। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত সমগ্ৰ দেশতে বিৰাজ কৰা অস্থিৰ পৰিস্থিতিত খামটিসকলে এই গাঁও এৰি অৰুণাচলৰ নামচাইলৈ গুচি যায়। তেওঁলোকৰ মাটি সম্পত্তি সকলো স্থানীয় মানুহক গটাই থৈ যায়।

অৱশ্যে খামটি দৌলটোকে আগুৰি  প্ৰায় ৪৫ বিঘা মাটি ৰাখি খামটিসকলে পৰৱৰ্তীসময়তো উপাসনাৰ বাবে উক্তস্থানলৈ মাজে সময়ে অহা-যোৱা কৰি আছিল। কিন্তু ১৯৫০ চনৰ প্ৰলয়ংকাৰী ভুমিকম্পৰ সময়ত দৌলটোৰ তলৰ অংশটো বহি যায় আৰু ওপৰৰ অংশটো খহি যায়। স্থানীয় ৰাইজে পুৰাতত্ব বিভাগৰ ওচৰত এই দৌলটো খনন, সংৰক্ষণ, সংবৰ্ধনেৰে ঐতিহ্য সংৰক্ষণৰ বাবে দাবী কৰি অহাৰ সময়তে উক্ত স্থানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে এশ কোটি টকা ব্যয় সাপেক্ষ এখন যোগ আৰু নেচাৰ’পেথি চিকিৎসালয় নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপনৰ লগে লগে ঐতিহ্যমণ্ডিত এই দৌলটোৰ অস্তিত্ব একেবাৰে নোহোৱা হৈ পৰাটো নিশ্চিত হৈ পৰিছে। স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰি চিকিৎসালয়খনৰ চৌহদৰ ভিতৰতে দৌলটোৰ স্থানত এটা মন্দিৰ নিৰ্মাণৰ দাবী তুলিছে। যাতে খামটি দৌলৰ ঐতিহ্য যুগমীয়া হয়।

যোগ আৰু নেচাৰ’পেথি চিকিৎসালয় নিৰ্মাণে খামটি দৌলৰ অস্তিত্বত আঘাট সানিব নেকি?
আজিও মেৰামতি নহ'ল দুবছৰ পুৰ্বে খহনীয়াত জাহ যোৱা ৰহা সমষ্টিৰ চকীয়াল গাঁৱৰ পথ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in