আজিও মেৰামতি নহ'ল দুবছৰ পুৰ্বে খহনীয়াত জাহ যোৱা ৰহা সমষ্টিৰ চকীয়াল গাঁৱৰ পথ

আজিও মেৰামতি নহ'ল দুবছৰ পুৰ্বে খহনীয়াত জাহ যোৱা ৰহা সমষ্টিৰ চকীয়াল গাঁৱৰ পথ

ডিজিটেল সংবাদ, ৰহাঃ আজিও নিৰ্মাণ নহ'ল ৰহাৰ চাপৰমুখৰ তিতাইমাৰি নদীৰ বুকুত জাহ যোৱা চকীয়াল গাঁৱৰ পথ। বাৰিষাৰ পূৰ্বে তিতাইমাৰী নদীৰ খহনীয়া ৰোধৰ ব্যৱস্থা নকৰিলে ভয়ংকৰ বিপদত পৰিব ৰহা সমষ্টিৰ এই বৃহৎ অঞ্চলটো।

দুবছৰ পূৰ্বে তিতাইমাৰী নদীৰ ব্যাপক খহনীয়াত জাহ গৈছিল অঞ্চলৰ একমাত্ৰ যাতায়াতৰ পথটোৰ আধা অংশ। ব্যাহত হৈ পৰিল অঞ্চলটোৰ যান-বাহন চলাচল। জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হৈ পৰিছে অঞ্চলবাসী।

আজিও মেৰামতি নহ'ল ভগ্ন পথটো। আগন্তুক বাৰিষাৰ আগে আগে পথটো মেৰামতি নকৰিলে বাৰিষা অঞ্চলবাসী ভয়ংকৰ সমস্যাত পৰাৰ সম্ভাৱনাই দেখা দিছে। ফলত ক্ষোভিত হৈ‌ পৰিছে চকীয়ালগাঁৱৰ ৰাইজ আৰু শীঘ্ৰে পথটো নিৰ্মাণৰ দাবী তুলিছে।

আজিও মেৰামতি নহ'ল দুবছৰ পুৰ্বে খহনীয়াত জাহ যোৱা ৰহা সমষ্টিৰ চকীয়াল গাঁৱৰ পথ
ইউনিফর্ম চিভিল কোডঃ ক্ষুদ্র জাতিসত্তালৈ 'আইনী আগ্রাসন'ৰ ভাবুকি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in