ডিব্ৰুগড়ত কংগ্ৰেছ-বিজেপিৰ নেতা কৰ্মীৰ আপত যোগদান

ডিব্ৰুগড় লোকসভা সমষ্টি আৰু দুলিয়াজান বিধান সভা সমষ্টিৰ অন্তৰ্গত দীঘলীয়াত শতাধিক পুৰুষ মহিলা আম আদমি পাৰ্টীত যোগদান কৰে ।

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ত কংগ্ৰেছ-বিজেপিৰ নেতা কৰ্মীৰ আপত যোগদান

ডিজিটেল সংবাদ, টেঙাখাতঃ ডিব্ৰুগড় লোকসভা সমষ্টি আৰু দুলিয়াজান বিধান সভা সমষ্টিৰ অন্তৰ্গত দীঘলীয়াত দেওবাৰে শতাধিক পুৰুষ মহিলা আম আদমি পাৰ্টীত যোগদান কৰে । উপলক্ষে দেওবাৰৰ দিনত দীঘলীয়া যোগেন খেলপথাৰৰ সমীপৰ প্ৰেক্ষাগৃহত এখনি যোগদান সভা অনুষ্ঠিত কৰা হয় । সভাত আপৰ কেন্দ্ৰীয় নেতা জেচমিন ছাহ আগন্তুক লোকসভা নিৰ্বাচনৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আপৰ ডিব্ৰুগড় জিলাৰ সভাপতি দিজেন গগৈ আদিয়ে অংশগ্ৰহণ কৰে ।

Advertisment

ডিব্ৰুগড় জিলা আপৰ সাংগঠনিক সম্পাদক পলাশ ৰাজখোৱাই আঁতধৰা সভাখনিত কংগ্ৰেছ দলৰ পৰা ক্ৰমে ধৰীয়া দীঘলীয়া গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী অঞ্জলী ভেংৰা প্ৰাক্তন মণ্ডল সভাপতি উমাকান্ত ভূমিজ, শ্যামল টুৰ্টী হাৰাধন মাটিয়েখানা, প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য জ্যোতিশ শেনচোৱা, প্ৰাক্তন ৱাৰ্ড সদস্য ৰাম সিং গুৰিয়া, বিজেপিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মিলন দাস, বিশিষ্ট সমাজ সেৱক দীপক গগৈ, ৰবিন গগৈ গাৰ্বেল কেৰ্কেটা, অজিত গঁড় আদি শতাধিক পুৰুষ মহিলাই আম আদমি পাৰ্টীত যোগদান কৰে। দলৰ টুপি পিন্ধাই প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু কেন্দ্ৰীয় নেতা জেচমিন ছাহে তেওঁলোকক আদৰণি জনাই।

Also Read: নয়নাভিৰাম দৃশ্যৰাজীয়ে প্ৰধানমন্ত্ৰীক আকৰ্ষণ কৰিবলৈ সাজু কাজিৰঙা

dibrugarh aap bjp