নয়নাভিৰাম দৃশ্যৰাজীয়ে প্ৰধানমন্ত্ৰীক আকৰ্ষণ কৰিবলৈ সাজু কাজিৰঙা

নয়নাভিৰাম দৃশ্যৰাজীয়ে প্ৰধানমন্ত্ৰীক আকৰ্ষণ কৰিবলৈ সাজু কাজিৰঙা

ডিজিটেল সংবাদ, কাজিৰঙাঃ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিছে ব্যাপক প্ৰস্তুতি ৷ জৈৱবৈচিত্ৰতাৰে ভৰপূৰ কাজিৰঙাৰ নয়নিভিৰাম দৃশ্যৰাজী প্ৰধানমন্ত্ৰীগৰাকীয়ে যাতে সুন্দৰভাৱে প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত উপযুক্ত স্থান নিৰ্বাচনত মনোনিৱেশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ প্ৰধানমন্ত্ৰীৰ জীপ ছাফাৰীৰ বাবে উন্নিতকৰণ কৰা হৈছে পথ ৷

উল্লেখযোগ্য যে অহা ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ গতিকে প্ৰধানমন্ত্ৰীক আদৰাৰ প্ৰস্তুতি পৰ্বত জীপ ছাফাৰীৰ লগতে হাতী ছাফাৰীৰ বাবেও ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে ছাফাৰী কৰা আটাইতকৈ সবল হাতীটোক সাজু কৰি ৰখা হৈছে প্ৰধানমন্ত্ৰীৰ হাতী ছাফাৰীৰ বাবে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন সূচীৰে প্ৰধানমন্ত্ৰী গৰাকী কাজিৰঙাত উপস্থিত হ’ব ৮ মাৰ্চৰ বিয়লি ৷ গতিকে প্ৰধানমন্ত্ৰীয়ে নৈশ যাপন কৰিব কহঁৰাস্থিত আৰক্ষীৰ অতিথিশালাত ৷ গতিকে অতিথিশালাটো সুন্দৰভাৱে সজাইপৰাই সুদৃশ্যমান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষী বিভাগে ৷ তদুপৰি অতিথি শালালৈ যোৱা পথটোৰ কাষত থকা পকী বেৰত অংকন কৰা হৈছে চিত্ৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সোণালী জয়ন্তী বৰ্ষত দেশৰ প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে বিশেষ সন্মান কঢ়িয়াই আনিব বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

ইতিপূৰ্বে দুগৰাকী ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনে ৰাষ্ট্ৰীয় উদ্যানখনক বিশেষ মৰ্যদা প্ৰদানৰ পাছত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণে কাজিৰঙাৰ পৰ্যটনক অধিক মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷

নয়নাভিৰাম দৃশ্যৰাজীয়ে প্ৰধানমন্ত্ৰীক আকৰ্ষণ কৰিবলৈ সাজু কাজিৰঙা
মাজপোটনীত সম্বৰ্ধনা সভা : চন্দন- গংগোট্ৰী- ধ্ৰুৱজ্যোতিলৈ সহায়ৰ হাত বিধায়ক ৰূপক শৰ্মাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in