প্ৰতিশ্ৰুতি ৰাখিব নোৱৰা মোডীয়ে ভয়তে উজনি অসমলৈ নাহিলঃজ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰা

প্ৰতিশ্ৰুতি ৰাখিব নোৱৰা মোডীয়ে ভয়তে উজনি অসমলৈ নাহিলঃজ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰা

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ প্ৰধানমন্ত্ৰীয়ে উজনি অসমলৈ আহিবলৈ ভয় কৰিছে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া, চাহ শ্ৰমিকক উচ্চহাৰত মজুৰি দিম বুলি কৈয়ো দিব নোৱৰা আৰু ফ’ৰলেন আজিও সম্পূৰ্ণ কৰিব নোৱাৰা বাবেই হয়তো প্ৰধানমন্ত্ৰী মোডীয়ে আজি উজনি অসমলৈ আহিবলৈ সাহস গোটাব নোৱাৰিলে। ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰি দিছো বুলি কৈ ফুৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাষতেই মণিপুৰ আছে বাবেই উজনি অসমলৈ আহিবলৈ ভয় কৰিছে। ডিব্ৰুগড়ত এক সংবাদমেলত এইদৰে কয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা পৱন খেৰাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুৱাহাটীৰ ৰোড শ্ব’ আৰু নামনি অসমৰ নলবাৰী ভ্ৰমণ সন্দৰ্ভতো মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। 'ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যান-জঁটৰ দোহাই দি গুৱাহাটী মহানগৰীৰ মাজেৰে ৰাহুল গান্ধীৰ যাত্ৰাক অনুমতি দিয়া হোৱা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ বাবে গোটেই গুৱাহাটী মহানগৰীখনেই দি দিছে। আচৰিত কথা এয়ে যে মোডী আহি পোৱাৰ আগতে ৰিহাৰ্চেল কৰিবৰ বাবেই জিএছ ৰোড বন্ধ কৰি দিছিল, এম্বুলেন্স পৰ্যন্ত ৰখাই থৈছিল।’- মোডীয়ে ৰোডশ্ব’ কৰিলে ট্ৰেফিক জাম নহয় নেকি বুলি প্ৰশ্ন কৰি এইদৰে কয় পৱন খেৰাই।

যিগৰাকী হিমন্ত বিশ্বই ৰাহুল গান্ধীক গুৱাহাটীৰ মাজেৰে গ’লে জেললৈ প্ৰেৰণ কৰিম বুলি কৈছিল সেইগৰাকী মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী অধিসূচনা চলি থকাৰ সময়তো মোডীৰ বাবে ৰিহাৰ্চেল কৰিবলৈকো জিএছ ৰোড বন্ধ কৰি দিয়া কাৰ্যক তীব্ৰ নিন্দা কৰে খেৰাই।

তেওঁ আৰু কয় যে ২০১৪ চনত যি ৰন্ধন গেছৰ দাম ৪০০ টকা আছিল আজি সেই ৰন্ধন গেছৰ দাম ১০০০ অতিক্ৰম কৰিলে, পেট্ৰ’ল-ডিজেলকে ধৰি সকলো অত্যাৱশ্যাকীয় সমাগ্ৰীৰ আজি দাম বৃদ্ধি পাইছে যদিও সেইবোৰলৈ বিজেপি চৰকাৰৰ কোনো ভ্ৰূক্ষেপ নাই। চৰকাৰ গঠন কৰিলেই মূল্যবৃদ্ধি ৰোধ কৰা, বছৰি ২ কোটি চাকৰি দিম বুলি কোৱা সকলো প্ৰতিশ্ৰুতি মোডীয়ে পাহৰি গ’ল বুলিও তেওঁ কয়।

'আমি গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দি গৈছো। মানুহৰ মনত এতিয়া শংকা হৈছে যে এইবাৰেই শেষ নিৰ্বাচন হ’ব যদিহে মোদী আকৌ জিকে। ৰাছিয়াৰ পুটিনৰ দৰেকৈ গাদীত বহি যাব আৰু সকলো শেষ কৰি সেই গাদী কাকো এৰি নিদিব। আপোনাৰ-আমাৰ কথা কোৱাৰ অধিকাকো কাঢ়ি ল’ব। চৰকাৰক প্ৰশ্ন কৰাতো বন্ধ কৰি দিব লাগিব। হয়তো আজি সংবাদমেল কৰাৰ দৰে আৰু সংবাদমেল কৰাতো সম্ভৱ নহ’ব, আমাক সকলোকে জেললৈ পঠিয়াই দিব। অলপ অলপকৈ এনে হোৱা আমি সকলোৱে দেখিবলৈ পাইছোৱেই। যদিহে এইবাৰো মোদী আৰু বিজেপি জিকি যায় তেন্তে এয়াই হ’ব আৰু একো নহ’ব।’-এইবাৰৰ নিৰ্বাচনত গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে ভোট দিবলৈ সকলোকে আহ্বান জনাই এইদৰে কয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।

প্ৰতিশ্ৰুতি ৰাখিব নোৱৰা মোডীয়ে ভয়তে উজনি অসমলৈ নাহিলঃজ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰা
মই কোনো দিন জাতিক বিক্ৰী নকৰোঃ প্ৰেমলাল গঞ্জু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in