মই কোনো দিন জাতিক বিক্ৰী নকৰোঃ প্ৰেমলাল গঞ্জু

মই কোনো দিন জাতিক বিক্ৰী নকৰোঃ প্ৰেমলাল গঞ্জু

ডিজিটেল সংবাদ, বিহালীঃ "মই কংগ্ৰেছত আছিলো, কংগ্ৰেছত আছো আৰু কংগ্ৰেছত থাকিম। মোৰ মেৰুদণ্ড পোন। কোনো দিন মই জাতিক বিক্ৰী নকৰো।" গহপুৰৰ এখন নিৰ্বাচনী সভাত এই মন্তব্য কৰে প্ৰেমলাল গঞ্জুয়ে। প্ৰেমলাল গঞ্জুয়ে বিজেপিক সহায় কৰি অহাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুয়ে কয় যে এইবাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইহে কংগ্ৰেছক ভোট দিব। ,

প্ৰেমলাল গঞ্জু বিক্ৰী হোৱা বস্তু নহয় বুলি উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সৰ্বানন্দ সোনোৱালক হৰুৱাব ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপি দল ত্যাগ কৰি সুকীয়া দল গঠন কৰিব বুলি উল্লেখ কৰে গঞ্জুয়ে ৷ প্ৰেমলাল গঞ্জু এইবাৰ জয়ী হোৱাৰ ক্ষেত্ৰত প্ৰৱল আত্মবিশ্বাসী বুলি মন্তৱ্য কৰে৷

মই কোনো দিন জাতিক বিক্ৰী নকৰোঃ প্ৰেমলাল গঞ্জু
পুত্ৰৰ হাতত প্ৰাণ গ'ল ১০২ বছৰীয়া পিতৃৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in