লোকসভা নিৰ্বাচনক লৈ তৎপৰ আম আদমী পাৰ্টি

সমাগত লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধান সভা সমষ্টিতে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে।

author-image
Asomiya Pratidin
New Update
লোকসভা নিৰ্বাচনক লৈ তৎপৰ আম আদমী পাৰ্টি

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ সমাগত লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইটা বিধান সভা সমষ্টিতে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে আম আদমী পাৰ্টিয়ে। দলৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ বিজয় সুনিশ্চিত কৰাৰ স্বাৰ্থত দেওবাৰে ডিগবৈত অনুষ্ঠিত হয় দলৰ কাৰ্যকৰ্তা সন্মিলন।

Advertisment

ডিগবৈস্থিত লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত দলৰ এই সাংগঠনিক কাৰ্যসূচীত আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পংকজ বৰগোহাঁই আৰু দলৰ ৰাজ্যিক যুৱ শক্তিৰ উপ সভাপতি বাবুল বিকাশ চেতিয়া উপস্থিত থাকে।

নিৰ্বাচনত আপৰ প্ৰাৰ্থীৰ সপক্ষে জনমত সৃষ্টিৰ উদ্দেশ্যে দলীয় নেতৃবৃন্দই ভাষণ দিয়ে। বিজেপিৰ অপশাসনৰ পৰা দেশবাসীক উদ্ধাৰৰ বাবে দলৰ কৰ্মী সকলক নিস্বাৰ্থ ভাবে কাম কৰিবলৈ আহ্বান জনায় দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।

Also Read: ১০ মাৰ্চৰ পৰা যোৰহাটত এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা

dibrugarh loksabha election aap assam