১০ মাৰ্চৰ পৰা যোৰহাটত এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা

১০ মাৰ্চৰ পৰা যোৰহাটত এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, যোৰহাটঃ সংগীতে যেনেকৈ সকলোকে আকর্ষণ কৰে ঠিক তেনেকৈ দুভৰিৰ যাদুৱেও সকলোকে আকৰ্ষণ কৰিব পৰা শক্তি আছে। গীতৰ শব্দ শুনিলে যেনেকৈ খন্তেকৰ বাবে হ'লেও প্রতিজনেই ৰৈ চাই বা শুনি যায় তেনেকৈ ফুটবলৰ শব্দ শুনিলেও খন্তেকৰ বাবে হ'লেও ৰৈ নোচোৱাকৈ থকা ব্যক্তি হয়তো সমাজত নাই। খেল জগতখনত সমগ্র বিশ্বৰে অতি জনপ্রিয় খেলৰ ভিতৰতেই অন্যতম খেল হৈছে ফুটবল খেল। এই খেল হয়টো নেখেলা ব্যক্তিও হয়তো নাই। অন্য নহ'লেও টেঙা বল, কাগজৰ বল এটাকে হ'লেও খেলি মনৰ আনন্দ পূৰণ কৰি পাইছে। ফুটবল এনে এখন খেল যিখন খেলত খেলুৱৈ সকলৰ মাজত ধনী দুখীয়াৰ কোনো ব্যৱধান নথকা এখন খেল। এই খেলখনে খেলুৱৈৰ মনত দিয়ে আনন্দ। অকল আনন্দদায়কেই নহয় স্বাস্থ্যৰ উপকাৰী এই ফুটবল খেলৰে এখন অতি আগশাৰী প্ৰতিযোগিতা এখনি অসমৰ যোৰহাটত "আচাম টি প্লেন্টাৰচ এচ'ছিয়েচন"ৰ দ্বাৰা আয়োজিত হোৱা প্রতিযোগিতা হ'ল 'এ টি পি এ শ্বিল্ড ফুটবল' প্রতিযোগিতাখন।

১৯৫০ চনত প্রতিষ্ঠা লাভ কৰা যোৰহাট ষ্টেডিয়ামখনতে ষ্টেডিয়াম প্রতিষ্ঠা হোৱাৰ পাঁচটা বছৰৰ পাছৰ পৰাই অসমৰ এখন অন্যতম আগশাৰী ফুটবল প্রতিযোগিতা এ টি পি এ শ্বিল্ড নামেৰে যোৱা ১৯৫৫ চনৰ পৰা সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হৈ আহিছে এই প্রতিযোগিতাখন। ঐতিহ্যমণ্ডিত এই প্রতিযোগিতাখনৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈকে প্ৰতিবছৰৰ আটাইকেইখন খেলেই যোৰহাট ষ্টেডিয়ামতেই অনুষ্ঠিত হৈ আহিছে যদিও ২০১৯ চনত এ টি পি এ শিল্ড আৰু ৰঞ্জী টুফী একেলগে একেটা সময়ত হোৱাৰ বাবে সেই বছৰত মৰিয়নিৰ বাপুজি ষ্টেডিয়ামত সেই বর্ষটোত মাত্র কেইখনমান খেল অনুষ্ঠিত কৰিব লগা হৈছিল।

উল্লেখ কৰিব পাৰি যে এই খেলখন পূৰ্ব্বতে ইমানেই জনপ্রিয় আছিল যে, ৰাজ্যখনৰ উপৰিও ভাৰতৰ অন্য বহু ৰাজ্যৰ আগশাৰীৰ ফুটবল দলে যোগদান কৰাৰ লগতে খেল উপভোগ কৰিবলৈ অহা দৰ্শকৰ ভিৰে অভিলেখ সৃষ্টি কৰিছিল। দুখৰ বিষয়, পূৰ্ব্বৰ যি এ টি পি এ শ্বিল্ড ফুটবল বুলি শুনা মাত্রকেই ৰাইজৰ মাজত যি আলোড়ন সৃষ্টি হৈছিল, আজি সেই ৰামো নাই, অযোধ্যাও নাই তেনে ৰূপলৈ ৰূপান্তৰিত হ'ল আৰু কিয় হ'বলৈ পালে সেই প্রশ্নৰ উত্তৰ সহজতে পোৱাটো টান আৰু এই কিয় টান বোলা কথাষাৰ অসমবাসীৰ বাবে ই এক দুখৰ কথা আৰু বিষয়।

আনহাতে, পূর্ব্বতে এই প্রতিযোগিতাখনত অসমৰ বাহিৰৰ যিমানবোৰ দলে যোগদান কৰিছিল বর্তমান কিন্তু সেই দল সমূহৰো যোগদান দেখিবলৈ পোৱা নাযায় সেইয়াও এক ৰহস্যৰ বিষয়ে নহয় নুবুজা সাঁথৰ হ'ল। যিখন ষ্টেডিয়ামত এ টি পি এ শ্বিল্ড সৰ্ব্বভাৰতীয় পৰ্য্যায়ত খেল অনুষ্ঠিত হৈছিল, সেই খেলখন অনুষ্ঠিত হ'বলৈ ল'লে বৰ্তমান ৰাজ্যখনৰ কেইটামান দলৰ মাজত আৰু হয়তো অনাগত দিনত জিলাখনৰ কেইটামান দলৰ ভিতৰতহে অনুষ্ঠিত হ'ব তেনে উপক্রমেহে দেখা দিছে গৈ। যোৰহাটৰ ক্ৰীড়াজগতখনত এই কেৰোণ কিয়? তাতে যোৰহাট হ'ল সাংস্কৃতিক ৰাজধানী আৰু এই সাংস্কৃতিক ৰাজধানী যোৰহাটতে এনে দুখৰ বিষয় যিটো বিষয় সমগ্ৰ অসমৰ বাবেই লজ্জাজনক।

উল্লেখ্য যে, ১৯৫৫ চনত আৰম্ভ হোৱা এই এ টি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাখনে ২০২৪ বৰ্ষত বছৰ অনুসৰি ৬৯ বছৰ অতিক্ৰম কৰা প্ৰতিযোগিতাখনিৰ ৫৮ বছৰ খেল অনুষ্ঠিত কৰি আয়োজক সমিতিয়ে গৌৰৱ অৰ্জন কৰিছে। (বিভিন্ন কাৰণ বশতঃ মাজত ১১ বছৰ প্রতিযোগিতাখনি অনুষ্ঠিত নহ'ল।) "আচাম টি প্লেন্টাৰচ এচ'ছিয়েচনৰ দ্বাৰা আয়োজিত হোৱা প্রতিযোগিতাখনি যোৱা কেইটামান বৰ্ষৰ পৰা এচ'ছিয়েচনে আয়োজনৰ ক্ষেত্ৰত গা এৰা মনোভাব ল'বলৈ লোৱা পৰিলক্ষিত হৈ আহিছে আৰু যোৰহাট জিলা ক্রীড়া সন্থাই যেনে তেনে প্রতিযোগিতাখনি আয়োজন কৰি আহিছে।

এইবছৰো যোৰহাট জিলা ক্রীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লোৱা ঐতিহ্যমণ্ডিত এই প্রতিযোগিতাখনৰ ২০২৪ বৰ্ষৰ প্ৰতিযোগিতাখন আৰম্ভ হ'ব অহা ১০ মাৰ্চৰ পৰা ২২ মাৰ্চলৈকে মুঠ ১১ খনকৈ খেল অনুষ্ঠিত হ'ব আৰু সকলোখিনি খেল অনুষ্ঠিত হ'ব নৈশালোকত যোৰহাট ষ্টেডিয়ামতে। এই বর্ষত প্রতিযোগিতাখনত মুঠ ১২টা দলে যোগদান কৰাৰ কথা আৰু সেই দলসমূহ হৈছে ক্রমে অইল ইণ্ডিয়া একাদশ, দুলীয়াজান, এ এচ ই বি, গুৱাহাটী, আচাম পুলিচ ব্লুজ, নাগালেণ্ড পুলিচু, আচাম ৰাইফলছ, যোৱা বৰ্ষৰ চেম্পিয়ন দল ইউনাইটেড চিৰাংদুৱাৰ এফ চি, অৰুণাচল প্রদেশ এফ চি (তেজপুৰ চেলেঞ্জ কাপ চেম্পিয়ন দল), যোৰহাট টাউন ক্লাব, বৰভেটা স্প'ৰ্টছ ক্লাব, যোৱা বৰ্ষৰ ৰাণাৰ আপ দল মৰিয়নি উপ-ক্রীড়া সন্থা, বাৰহুংকাৰ কোকৰাঝাৰ (অসম ক্লাব চেম্পিয়ন দল) আৰু কাৰ্বি আংলং মণিংষ্টাৰ এফ চি (অসম ৰাজ্যিক প্রিমিয়াৰ লীগ চেম্পিয়ন দল)। ইয়াৰে দুই এটা হয়তো বেলেগ হোৱাৰ সম্ভাৱনা আছে।

তাৎপর্যপূর্ণ যে এই প্রতিযোগিতাখনত অইল ইণ্ডিয়া একাদশে সর্বাধিক ১৫ বাৰকৈ চেম্পিয়ন হোৱাৰ বিপৰীতে ৮ বাৰ ৰাণাৰ আপ হৈছে। আচাম পুলিচে ১২ বাৰ চেম্পিয়ন আৰু দুবাৰ যুগ্মকৈ চেম্পিয়ন হৈ মুঠ ১৪ বাৰ চেম্পিয়ন হৈ আহিছে দল দুটিয়ে গৌৰব অৰ্জন কৰিছে।

পাঠকৰ সুবিধাৰ্থে এইখিনিতে উল্লেখ কৰিছো ২০২৩ বৰ্ষৰ প্ৰতিযোগিতাখনৰ কিছু বিৱৰণ। ২০২৩ বৰ্ষত প্রতিযোতিখনত মুঠ ১৪টা দলে যোগদান কৰে আৰু চূড়ান্ত খেলখনত ইউনাইটেড চিৰাংদুৱাৰ এফ চিয়ে মৰিয়নি উপ-ক্রীড়া সন্থা দলক ২-০ গ'লৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰিছিল। ইয়াৰ উপৰিও অসমৰ এই আগশাৰী ফুটবল প্রতিযোগিতাখনৰ আৰম্ভণিৰ পৰা বৰ্ত্তমানলৈকে চেম্পিয়ন আৰু বিজিত দল সমূৰ নাম সমূহ উল্লেখ কৰিছো ক্রমে- প্রতিযোগিতাখনৰ আৰম্ভণি চন ১৯৫৫৩ চেম্পিয়ন ষ্টেট ট্রেন্সপর্ট ক্লাব, শ্বিলং। ৰাণার্চ-আপ জর্জ টেলিগ্রাফ, কলকাতা। ১৯৫৬ চেম্পিয়ন ঠেঙাল বাৰি ক্লাব, যোৰহাট। ৰাণার্চ-আপ ষ্টেট ট্রেন্সপর্ট ক্লাব, শ্বিলং। ১৯৫৭৩ অনুষ্ঠিত নহ'ল। ১৯৫৮ চেম্পিয়ন - যোৰহাট পুলিচ একাদশ। ৰাণাৰ্চ-আপ - মুর্ককচাং জিলা একাদশ। ১৯৫৯ চেম্পিয়ন দেৰগাওঁ পুলিচ ক্লাব। ৰাণাৰ্চ-আপ - আচাম ৰাইফলছ ফ'ৰ্ছ। ১৯৬০ চেম্পিয়ন দেৰগাওঁ পুলিচ ক্লাব। ৰাণাৰ্চ-আপ পায় 'নিয়েৰ স্পৰ্টছ, ডিব্ৰুগড়। ১৯৬১ চেম্পিয়ন দেৰগাওঁ পুলিচ ক্লাব। ৰাণাৰ্চ-আপ আচাম ৰাইফলছ ফ'ৰ্ছ। ১৯৬২ চেম্পিয়ন-গুৱাহাটী টাউন ক্লাব। ৰাণাৰ্চ-আপ - দেৰগাওঁ পুলিচ ক্লাব। ১৯৬৩ অনুষ্ঠিত নহ'ল। ১৯৬৪ চেম্পিয়ন দেৰগাওঁ পুলিচ ক্লাব। ৰাণাৰ্চ-আপ উৰিষ্যা টেক্সটাইল মিল, কটক। ১৯৬৫ পৰিতক্ত। ১৯৬৬ চেম্পিয়ন অসম ৰাইফলছ ফ'ৰ্ছ। ৰাণাৰ্চ-আপ আচাম পুলিচ ক্লাব। ১৯৬৭ অনুষ্ঠিত নহ'ল। ১৯৬৮ চেম্পিয়ন - অসম পুলিচ ক্লাব। ৰাণাৰ্চ-আপ যোৰহাট জিলা স্পটিং এচ 'ছিয়েচন। ১৯৬৯ চেম্পিয়ন - অসম পুলিচ ক্লাব। ৰাণার্চ-আপ - আচাম ৰাইফলছ ফ'ৰ্ছ। ১৯৭০ চেম্পিয়ন অসম পুলিচ ক্লাব। ৰাণাৰ্চ-আপ আচাম ৰাইফলছ ফ'ৰ্ছ। ১৯৭১ চেম্পিয়ন - অসম পুলিচ ক্লাব। ৰাণাৰ্চ-আপ-নাগালেণ্ড পুলিচ। ১৯৭২ চেম্পিয়ন-নাগালেণ্ড পুলিচ। ৰাণাৰ্চ-আপ - থার্মেল এ চি, নামৰূপ। ১৯৭৩ অনুষ্ঠিত নহ'ল। ১৯৭৪ চেম্পিয়ন অসম পুলিচ। ৰাণার্চ-আপ - অইল ইণ্ডিয়া একাদশ, দুলীয়াজান। ১৯৭৫ চেম্পিয়ন অইল ইণ্ডিয়া একাদশ, দুলীয়াজান। ৰাণাৰ্চ-আপ আচাম পুলিচ। ১৯৭৬ চেম্পিয়ন - অসম পুলিচ। ৰাণাৰ্চ-আপ জর্জ টেলিগ্রাফ, কলকাতা। ১৯৭৭ চেম্পিয়ন মেঘালয় পুলিচ। ৰাণাৰ্চ-আপ - মণিপুৰ পুলিচ। ১৯৭৮ যুগ্ম বিজয়ী- অইল ইণ্ডিয়া একাদশ আচাম পুলিচ। ১৯৭৯ যুগ্ম বিজয়ী- অইল ইণ্ডিয়া একাদশ - আচাম পুলিচ। ১৯৮০ অনুষ্ঠিত নহ'ল। ১৯৮১ চেম্পিয়ন-অইল ইণ্ডিয়া একাদশ। ৰাণার্চ-আপ-আচাম পুলিচ। ১৯৮২ চেম্পিয়ন -আচাম পুলিচ। ৰাণার্চ-আপ নাগালেণ্ড পুলিচ। ১৯৮৩ চেম্পিয়ন আচাম পুলিচ। ৰাণাৰ্চ-আপ নাগালেণ্ড পুলিচ। ১৯৮৪ চেম্পিয়ন - আচাম পুলিচ। ৰাণাৰ্চ-আপ অইল ইণ্ডিয়া একাদশ, দুলীয়াজান। ১৯৮৫ চেম্পিয়ন গোর্খা ব্রিগেড ক্লাব, কলকাতা। ৰাণার্চ-আপ আচাম ৰাইফলছ চকাৰ টীম। ১৯৮৬ চেম্পিয়ন আচাম পুলিচ। ৰাণার্চ-আপ - অইল ইণ্ডিয়া একাদশ, দুলীয়াজান। ১৯৮৭ চেম্পিয়ন নাগালেণ্ড পুলিচ। ৰাণার্চ-আপ থর্মেল এ চি, নামৰূপ। ১৯৮৮ চেম্পিয়ন- আচাম পুলিচ। ৰাণাৰ্চ-আপ অইল ইণ্ডিয়া একাদশ, দুলীয়াজান।

ইয়াৰ লগতে১৯৮৯ চেম্পিয়ন দুলীয়াজান ক্লাব। ৰাণাৰ্চ-আপ আচাম পুলিচ একাদশ। ১৯৯০ চেম্পিয়ন-নাগালেণ্ড পুলিচ। ৰাণার্চ-আপ আচাম পুলিচ একাদশ। ১৯৯১ চেম্পিয়ন -এ এচ ই বি, গুৱাহাটী। ৰাণাৰ্চ-আপ এচ এচ বি, ইম্‌ফল, মণিপুৰ। ১৯৯২ চেম্পিয়ন-ইষ্ট বেঙ্গল ক্লাব, কলকাতা। ৰাণাৰ্চ-আপ - ৰয়েল নেপাল এয়াৰলাইনচ, চকাৰ টীম। ১৯৯৩ চেম্পিয়ন মোহন বাগান ক্লাব, কলকাতা। ৰাণাৰ্চ-আপ পট অথৰটী অব বেংকক। ১৯৯৪ অনুষ্ঠিত নহ'ল। ১৯৯৫ চেম্পিয়ন- ডব্লিউ এম এফ এ, মোহনবাৰী। ৰাণাৰ্চ-আপ - অইল ইণ্ডিয়া একাদশ, দুলিয়াজান। ১৯৯৬ চেম্পিয়ন অইল ইণ্ডিয়া একাদশ, দুলিয়াজান। ৰাণাৰ্চ-আপ চেইল, কলকাতা। ১৯৯৭ চেম্পিয়ন - আচাম পুলিচ একাদশ। ৰাণার্চ-আপ ইয়ং এমেচাৰ, গুৱাহাটী। ১৯৯৮ চেম্পিয়ন অইল ইণ্ডিয়া একাদশ, দুলীয়াজান। ৰাণাৰ্চ-আপ - নাগালেণ্ড পুলিচ। ১৯৯৯ চেম্পিয়ন অইল ইণ্ডিয়া একাদশ, দুলীয়াজান। ৰাণার্চ-আপ - নাগালেও পুলিচ। ২০০০ চেম্পিয়ন - এ এচ ই বি, গুৱাহাটী। ৰাণাৰ্চ-আপ অইল ইণ্ডিয়া একাদশ, দুলীয়াজান। ২০০১ চেম্পিয়ন - এ এচ ই বি গুৱাহাটী। ৰাণাৰ্চ-আপ নাগালেণ্ড পুলিচ। ২০০২ চেম্পিয়ন-নাগালেণ্ড পুলিচ। ৰাণার্চ-আপ - আচাম পুলিচ। ২০০৩ চেম্পিয়ন – অইল ইণ্ডিয়া একাদশ, দুলিয়াজান। ৰাণাৰ্চ-আপ হোৱাইট ড'ভচ ক্লাব, ডিফু।

২০০৪ চেম্পিয়ন - অইল ইণ্ডিয়া একাদশ, দুলিয়াজান। ৰাণাৰ্চ-আপ এ এচ ই বি, গুৱাহাটী। ২০০৫ চেম্পিয়ন নাগালেণ্ড পুলিচ। ৰাণার্চ-আপ - এফ চি আই, গুৱাহাটী। ২০০৬ চেম্পিয়ন এ এচ ই বি, গুৱাহাটী। ৰাণার্চ-আপ কুকি ফুটবল ক্লাব, কহিমা। ২০০৭ চেম্পিয়ন - আচাম ৰাইফলছ চকাৰ টীম। ৰাণার্চ-আপ অইল ইণ্ডিয়া একাদশ, দুলিয়াজান। ২০০৮ চেম্পিয়ন - আচাম ৰাইফলছ চকাৰ টীম। ৰাণার্চ-আপ এ এচ ই বি, গুৱাহাটী। ২০০৯ চেম্পিয়ন-অইল ইণ্ডিয়া একাদশ, দুলিয়াজান। ৰাণার্চ- আপ - গ্রীন ভেলী, গুৱাহাটী। ২০১০ অনুষ্ঠিত নহ'ল। ২০১১ চেম্পিয়ন-এ এচ ই বি, গুৱাহাটী। ৰাণাৰ্চ-আপ - এচ এচ বি ৱেষ্ট বেঙ্গল। ২০১২ অনুষ্ঠিত নহ'ল। ২০১৩ অনুষ্ঠিত নহ'ল। ২০১৪ চেম্পিয়ন অইল ইণ্ডিয়া একাদশ, দুলিয়াজান। ৰাণাৰ্চ-আপ - আচাম ৰাইফলছ চকাৰ টীম। ২০১৫ চেম্পিয়ন অইল ইণ্ডিয়া একাদশ, দুলিয়াজান। ৰাণাৰ্চ-আপ আচাম ৰাইফলছ চকাৰ টীম। ২০১৬ চেম্পিয়ন অইল ইণ্ডিয়া এফ চি, দুলিয়াজান। ৰাণার্চ-আপ শ্বিলং লাজং ফুটবল ক্লাব। ২০১৭ চেম্পিয়ন - অইল ইণ্ডিয়া এফ চি, দুলিয়াজান। ৰাণাৰ্চ-আপ - আচাম পুলিচ ব্লুজ। ২০১৮ চেম্পিয়ন - অইল ইণ্ডিয়া এফ চি, দুলিয়াজান। ৰাণাৰ্চ-আপ এচ এচ বি শিলিগুৰি, ৱেষ্ট বেঙ্গল। ২০১৯ চেম্পিয়ন আচাম ৰাইফলছ চকাৰ টীম। ৰাণাৰ্চ-আপ - অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (এ এচ ই বি), গুৱাহাটী। ২০২০ ক'ভিডৰ বাবে অনুষ্ঠিত নহ'ল। ২০২১ ক'ভিডৰ বাবে অনুষ্ঠিত নহ'ল। ২০২২ চেম্পিয়ন-এ এচ ই বি, গুৱাহাটী। ৰাণাৰ্চ-আপ অইল ইণ্ডিয়া এফ চি, দুলিয়াজান। ২০২৩ চেম্পিয়ন - ইউনাইটেড চিৰাংদুৱাৰ এফ চি। ৰাণাৰ্চ-আপ মৰিয়নী উপ-ক্রীড়া সন্থা।

আনহাতে, অসমৰ এই আগশাৰী ফুটবল প্রতিযোগিতাখনত আৰম্ভণিৰ পৰাই চেম্পিয়ন হোৱা দলটোক প্ৰদান কৰা শ্বিল্ডখন হৈছে আচাম টি প্লেন্টাৰচ এচ'ছিয়েচনৰ দ্বাৰা "এ টি পি এ শ্বিল্ড" বঁটা প্ৰদান কৰি আহিছে। ৰাণাৰ-আপ ট্রফীটো প্রদান কৰি আহিছে "অৰুণেশ্বৰ শৰ্ম্মা মেমৰিয়েল কাপ" আৰু শেহতীয়াকৈ বঁটাটোৰ লগত চেম্পিয়ন দলটিক ১ লাখ টকা আৰু ৰাণাৰ আপ দলটিক ৫০ হাজাৰ টকা প্রদান কৰে, শ্রেষ্ঠ খেলুৱৈ টুফী প্রদান কৰি আহিছে "তোলন শইকীয়া মেমৰিয়েল কাপ", শৃংখলাবদ্ধ বঁটা প্ৰদান কৰি আহিছে "পুণেশ্বৰ কছাৰি মেমৰিয়েল কাপ"। ইয়াৰ উপৰিও অনুমানিক ৮০ দশক মানৰ পৰা সৰ্ব্বাধিক গ'ল দাতা বঁটা আৰম্ভ হৈ আহিছে আৰু এই বঁটাটো প্রদান কৰি আহিছে "বৃদ্ধেশ্বৰ বৰগোঁহাই মেমৰিয়েল নগদ ধনৰ পুৰস্কাৰ" প্ৰদান কৰে।

১০ মাৰ্চৰ পৰা যোৰহাটত এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতা
গুজৰাটত ৪৮,০০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in