ডিব্ৰুগড় জিলাত আৰম্ভ গুণোৎসৱ... 

সজাই পৰাই তোলা হৈছে বিদ্যালয়সমূহ
ডিব্ৰুগড় জিলাত আৰম্ভ গুণোৎসৱ... 
ডিব্ৰুগড় জিলাত আৰম্ভ গুণোৎসৱ... 

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাতো আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে 'গুণোৎসৱ ২০২৪' । এই গুণোৎসৱত মুঠ ১৬২০ খন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মূল্যায়ন কৰা হ'ব ।

এই গুণোৎসৱত মুঠ ১ লাখ ২৮ হাজাৰ গৰাকী ছাত্র-ছাত্ৰীৰ মূল্যায়ন কৰা হ'ব। ইয়াৰ বাবে বৰ্হি:মূল্যাংক ইতিমধ্যে বিদ্যালয় বিলাকত গৈ উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ন কৰিছে ।

জিলা খনৰ অন্যান্য বিদ্যালয়ৰ লগতে আকৰ্ষণীয় ভাবে গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে খোৱাং শিক্ষা খণ্ডৰ অন্তৰ্গত দুলিয়াবাম বঙালী গাঁ‌ও প্ৰাথমিক বিদ্যালয়ত ।

চৰকাৰী সকলো নিৰ্দেশনা মানি অনুষ্ঠিত কৰা হৈছে এই গুণোৎসৱ । বিদ্যালয়খনত অভিভাৱক আৰু স্থানীয় ৰাইজে গুণোৎসৱৰ বাবে সহযোগ আগবঢ়াইছে ।

ক্লিক কৰি পঢ়কঃ কামপুৰ কলেজত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in