কামপুৰ কলেজত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ...

কামপুৰ মহাবিদ্যালয়ত ভাৰতীয় শিক্ষা ব্যৱস্থা ওপৰত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ
কামপুৰ মহাবিদ্যালয়ত ভাৰতীয় শিক্ষা ব্যৱস্থা ওপৰত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ডিজিটেল সংবাদ, কামপুৰঃ আজি নগাঁও জিলাৰ কামপুৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়।আত্মনিৰ্ভৰশীল ভাৰতৰ অধিনত ভাৰতীয় সমাজ বিজ্ঞান পৰিষদৰ ব্যৱস্থপনাত আৰু কামপুৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য অতিথি হিচাবে উপস্থিত থিকে হোজাইৰ ৰবিন্দ্ৰ ঠাকুৰ ইউনিভাৰচিটি উপাচাৰ্য তথা জেষ্ঠ্য প্ৰৱক্তা অমলেন্দু চক্ৰৱৰ্তী; তেজপুৰ ইউনাভাৰচিটিৰ প্ৰৱক্তা নিল ৰতন ৰয় আৰু তেজপুৰ ইউনিভাৰচিটি শিক্ষা বিভাগৰ প্ৰৱক্তা হিতেশ শৰ্মা ।

ভাষণ প্ৰসংগত অমলেন্দু চক্ৰৱৰ্তীয়ে উল্লেখ কৰে যে বিশ্বায়নৰ প্ৰভাৱত যুৱসমাজৰ মাজত পৰা কুপ্ৰভাৱ বাবে ভাৰতীয় ভাৰতীয় শিক্ষা ব্যৱস্থাৰ প্ৰসাৰ হব লাগে। তেওঁ ভাষনত উল্লেখ কৰে যে আজি বিশ্বৰ যি শিক্ষা ব্যৱস্থা চলি আছে ই নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ গতি কৰিছে। শিক্ষাবিদ চক্ৰৱতীয়ে উল্লেখ কৰে বৰ্তমান বিশ্বৰ শিক্ষা ব্যৱস্থা সেই ব্যৱস্থাই মানুহ গঢ়া শিক্ষা নিদি ধন ঘটাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ে কিন্তু ভাৰতীয় শিক্ষা ব্যৱস্থাইভাৰতীয় শিক্ষা ব্যৱস্থাই এখন শিক্ষা ব্যৱস্থাই এখন শিক্ষা প্ৰমান পত্ৰ লোৱাতোৱেই নুবুজাই ভাৰতীয় শিক্ষাব্যৱস্থাই শিক্ষাৰ্থীক যথাৰ্থ শিক্ষা প্ৰদান কৰে।

সমাজত চলি থকা অপসংস্কৃতি ৰোধ কৰিব হল ভাৰতীয় শিক্ষা ব্যৱস্থা প্ৰতি গুৰুত্ব দিব লাগিব বুলিও উপাচাৰ্য গৰাকীয়ে মন্তুব্য কৰে।আজিৰ এই আলোচনা চক্ৰখন বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ অসীম কুমাৰ বৰাই।আলোচনা চক্ৰখনৰ আদৰণি ভাষন প্ৰদাণ কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ অসীম কুমাৰ বৰাই।

ক্লিক কৰি পঢ়কঃ অসম - অৰুণাচল সীমান্তৰ চিজুচাত আৰক্ষীৰ সফল অভিযান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in