ধুলা কাণ্ডৰ তিনি অভিযুক্ত চিকিৎসকে লাভ কৰিলে জামিন...

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে তিনিওৰে

author-image
Asomiya Pratidin
New Update
ধুলা কাণ্ডৰ তিনি অভিযুক্ত চিকিৎসকে লাভ কৰিলে জামিন...

dhula murder case

ডিজিটেল ডেস্ক : ধুলা কাণ্ডৰ তিনি অভিযুক্ত চিকিৎসকৰ জামিন মঞ্জুৰ। অভিযুক্ত ডাঃ অজন্তা বৰদলৈ, ডাঃ অনুপম শৰ্মা আৰু ডাঃ অৰুণ ডেকাৰ জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

Advertisment

উল্লেখ্য যে দৰঙৰ এগৰাকী বনকৰা কিশোৰীৰ হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল তিনিওকে। কিশোৰীগৰাকীৰ ভুৱা মনণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিছিল তিনিওগৰাকী চিকিৎসকে।  ৮ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল এই তিনি চিকিৎসকক আৰু মঙলবাৰে ১৫ নৱেম্বৰৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে তিনিওগৰাকীৰে।

ধুলা কিশোৰীৰ হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিবলৈ গৈ গ্ৰেপ্তাৰ হৈছিল তিনি চিকিৎসকসহ ৩ গৰাকী আৰক্ষী বিষয়া। চি.আই.ডি.য়ে মৃতদেহ মাটি খান্দি পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ পাছত পোহৰলৈ আহিছিল ভুৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।

আৰু পঢ়ক : মিজোৰামৰ শিলৰ কুৱেৰী দুৰ্ঘটনা : উদ্ধাৰ ৮ টা মৃতদেহ...

assam darrang dhula murder case