/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9ffa520a-2aa5-4652-8ef0-60d32a3d854d/rssss.jpg)
mizoram
ডিজিটেল ডেস্ক : সোমবাৰে মিজোৰামত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। পাহাৰৰ পৰা শিলৰ কুৱেৰী খহি পৰি শিল-বালিৰ তলত জীৱন্তে পোত যায় ১২ জনতকৈ অধিক শ্ৰমিক। মঙলবাৰে হনাথিয়েল জিলাৰ মৌদাৰহ গাঁৱৰ ঘটনাস্থলীৰ পৰা এতিয়ালৈকে মুঠ ৮ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
ঘটনাটো সোমবাৰে আবেলি প্ৰায় ২.৪০ বজাত হনাথিয়াল জিলাৰ মৌদাৰহ অঞ্চলত সংঘটিত হৈছিল। উল্লেখ্য যে শিল-বালিত পোত যোৱা ১২ জন শ্ৰমিকৰ ভিতৰত ৪ জন আছিল এবিচিআই ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী আৰু ৮ জন আছিল ঠিকাদাৰ।
মঙলবাৰে পুৱা দুজন বিষয়া আৰু ১৩ জন কৰ্মচাৰীক লৈ এনডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই ৮ গৰাকী লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, এই ঘটনাত খননকাৰী মেছিনৰ সৈতে কেইবাটাও মেচিন মাটিত পোত যায়। ঘটনা স্থলীত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।
আৰু পঢ়ক : মহানগৰীত দুগৰাকী বহি:ৰাজ্যৰ মহিলাৰ ধন লুটিলে দুৰ্বৃত্তই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us