চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

ডিজিটেল সংবাদ, ধেমাজিঃ চুতীয়া জাতিক শীঘ্ৰেই জনজাতিকৰণ কৰা দাবীত চুতীয়া যুৱ সন্মিলন অসম ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে বুধবাৰে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে ৷ চুতীয়া যুৱ সন্মিলন অসম ধেমাজি জিলা সমিতিৰ সভাপতি ত্ৰিদিপ দাস আৰু সাধাৰণ সম্পাদক মানস প্ৰতিম চুতীয়াৰ দ্বাৰা স্বাক্ষৰিত স্মাৰকপত্ৰত অসমৰ আদিম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীয়ে জনগোষ্ঠীটোৰ ন্যাৰ্য প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন আৰু আলোচনাৰ জৰিয়তে বাৰম্বাৰ আহবান জনাই অহিছে। ইয়াৰ পিছতো আজি পৰ্যন্ত চৰকাৰে গুৰুত্ব কোনো নিদিয়াৰ অভিযোগ কৰিছে ৷ ভূমিপুত্ৰ চুতীয়াসকলে ঐতিহাসিকভাৱে প্ৰাচীনতম জনগোষ্ঠীৰ হোৱা উপৰিও উত্তৰ-পূৰ্বাঞ্চলৰ নিজস্ব বৈশিষ্ট্যময় ভাষা ,ধৰ্মীয় ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি ইত্যাদিৰে চহকীৰ অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠীৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত দাবী কৰিছে ৷

ইয়াৰ উপৰিও ১৮৫২ চনৰ পৰা ১৯৬১ চনলৈকে ভাৰতবৰ্ষৰ লোকপিয়লৰ টোকাত অসমৰ চুতীয়া সকলক জনজাতি বুলিও চৰকাৰীভাৱে চিহ্নিত কৰা হৈছে বুলি দাবী কৰিছে ৷ সংগঠনটোৱে দাবী কৰা মতে ১৯৯৭ চনৰ কেন্দ্ৰীয় সংসদৰ বাছনি সমিতিখনেও চুতীয়া জনগোষ্ঠীক অনুসূচিত ভৈয়াম জনজাতিত তালিকাত অনুমোদন জনাইছিল ৷

উল্লেখ্য যে ১৯৩৫ চনৰ চাইমন কমিচনৰ প্ৰতিবেদনতো চুতীয়াসকলক অনুসূচিত জাতি তালিকাত অন্তভুৰ্ক্ত কৰা বিষয়ে তথ্য পোৱা গৈছে উল্লেখ কৰিছে ৷ অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ১৯৮০ চনত তদানীন্তন প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীক স্মাৰক কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা স্মাৰক পত্ৰখনৰ সন্দৰ্ভত ৰাজ্যৰ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছিল ৷

তাৎপৰ্যপূৰ্ণ বিষয় যে অসম চৰকাৰে জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকক প্ৰতিবেদন যুগুত কৰি ৰাজ্য চৰকাৰৰ যোগেদি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণৰ নিৰ্দশনা দিছিল যদিও আজি পৰ্যন্ত কোনো এখন চৰকাৰে জাতিটোৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে সংগঠনটোৱে ৷

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ
বিয়াৰ দিনাই ৰভাতলীৰ পৰা পলায়ন কইনাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in