বিয়াৰ দিনাই ৰভাতলীৰ পৰা পলায়ন কইনাৰ

বিয়াৰ দিনাই ৰভাতলীৰ পৰা পলায়ন কইনাৰ

ডিজিটেল সংবাদ, মঙলদৈঃ বিয়াৰ আনন্দ উৎসৱ চলি থকাৰ মাজতেই মঙলদৈৰ এখন বিয়াৰ ৰভাতলীৰ পৰাই এজনী কইনা পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে নিশা মঙলদৈৰ নিকটৱৰ্তী ৪০ নম্বৰ মোৱামাৰী গাঁৱত এই ঘটনা সংঘটিত হৈছে।

দৰা-কইনাৰ দুয়োখন ঘৰতেই পাৰভগা আনন্দ। আলহী-অতিথিৰে ভৰি পৰিছে দুয়োখন ঘৰ। বিয়ালৈ নিমন্ত্ৰিত লোকসকলে হাতে হাতে উপহাৰৰ টোপোলা লৈ ভৰি পৰিছে বিয়া ঘৰ। পৃথকে পৃথকে দৰা-কইনা দুয়োকে আশীৰ্বাদ দি আনন্দ মনেৰে ভোজ-ভাত খাইছে। ইমানলৈ সকলো ঠিকেই আছিল, কিন্তু বৰযাত্ৰী কইনাঘৰ পোৱাৰ পূৰ্বেই সকলোকে আচৰিত কৰি পূৰ্ব পৰিকল্পনা অনুসৰি ন-কইনাৰ বেশত থকা যুৱতী গৰাকী পলায়ন কৰে।

বহু সময়লৈ কইনা যে নাই সেই কথা ঘৰৰ পৰিয়ালৰ বাদে আনে গমেই পোৱা নাছিল ৷ বহু সময় ধৰি সাধাৰণ ভাবেই চলি আছিল সকলো কথা ৷ আলহীয়ে হাতত উপহাৰ লৈ ঘূৰি ফুৰিছে কইনাক বিচাৰি, কিন্তু কইনাহে নাই ৷ পিছত ঘটনাটো প্ৰচাৰ হোৱাত মুহূৰ্ততে সলনি হৈ পৰিল কইনাঘৰৰ পৰিবেশ। তৎমুহূৰ্ততে খবৰ গৈ পালে দৰাৰ ঘৰ ৷

দৰাঘৰতো বিৰাজ কৰিলে এক নিৰানন্দৰ পৰিবেশ ৷ খবৰটো চৌদিশে বিয়পি পৰাৰ পিছতে বেজাৰ মনেৰে অতিথিসকল নিজ নিজ ঘৰলৈ উভতি গ’ল । কইনাক বিচাৰি পৰিয়ালৰ লোকে চাৰিওফালে হুৱা-দুৱা লগালে। কইনা ক’লৈ গল, কাৰ লগত পলাই গ'ল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷

লাখ লাখ টকা খৰচ কৰি আয়োজন কৰা বিয়াৰ সমস্ত আনন্দত নিমিষতে চেঁচাপানী পৰিল৷ উপায়ন্তৰ হৈ দৰাৰ পৰিয়ালৰ লোকে নিশাৰ ভিতৰতে আন এগৰাকী ছোৱালী বিচাৰি চপাই অঞ্চলৰ যুৱকজনক বিয়া পাতি দিলে বুলি জানিব পৰা গৈছে।

বিয়াৰ দিনাই ৰভাতলীৰ পৰা পলায়ন কইনাৰ
ভূপেন বৰা পলিটিকেল জোকাৰ, তেওঁ কৌতুক কৰিব আৰু আপোনালোকে আনন্দ লৈ থাককঃ জয়ন্ত মল্ল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in