বেঁকী নৈত উদ্ধাৰ যুৱকৰ মৃতদেহঃ সন্ধানহীন ২জন

author-image
Asomiya Pratidin
New Update
বেঁকী নৈত উদ্ধাৰ যুৱকৰ মৃতদেহঃ সন্ধানহীন ২জন

ডিজিটেল ডেস্কঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ নাৰায়নগুৰিত এক অঘটন সংঘটিত হৈছে। বুধবাৰে বেঁকী নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় ৩জন যুৱক। বৰপেটাৰোডৰ পৰা ৰাষ্ট্ৰীয় উদ্যানলৈ ফুৰিবলৈ গৈছিল যুৱক ৩জন। যুৱক কেইজন হৈছে বৰপেটা ৰোডৰ দুই ভাতৃ দ্বীপ সাহা,ৰাজ সাহা আৰু বন্ধু অভিজিৎ কৰ্মকাৰ।

Advertisment

বৃহস্পতিবাৰে পুৱা পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৰাজ সাহা নামৰ যুৱকজনৰ মৃতদেহ। বৰ্তমানেও সন্ধানহীন হৈ আছে আন দুজন যুৱক। ঘটনাস্থলীত বাহবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন হোণ্ডাই ইয়ন বাহন উদ্ধাৰ কৰিছে। আন দুজন যুৱকক উদ্ধাৰৰ বাবে এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

Also Read: আৰম্ভ হ'ল ২০২৫বৰ্ষৰ পদ্ম সন্মানৰ মনোনয়ন প্ৰক্ৰিয়া...

Manash National Park deadbody found baksa