আৰম্ভ হ'ল ২০২৫বৰ্ষৰ পদ্ম সন্মানৰ মনোনয়ন প্ৰক্ৰিয়া...

আৰম্ভ হ'ল ২০২৫বৰ্ষৰ পদ্ম সন্মানৰ মনোনয়ন প্ৰক্ৰিয়া...

author-image
Asomiya Pratidin
New Update
আৰম্ভ হ'ল ২০২৫বৰ্ষৰ পদ্ম সন্মানৰ মনোনয়ন প্ৰক্ৰিয়া...

ডিজিটেল ডেস্কঃ ২০২৫ বৰ্ষৰ পদ্ম সন্মানৰ বাবে অনলাইনযোগে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়োৱাৰ প্ৰক্ৰিয়া বুধবাৰৰ পৰা আৰম্ভ হৈছে। পদ্ম সন্মানৰ বাবে নাম মনোনয়ন কৰাৰ অন্তিম দিন ১৫ ছেপ্তেম্বৰ ধাৰ্য্য কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ পার্টেল awards.gov.in-ৰ যোগে পদ্ম সন্মানৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব।

Advertisment

উল্লেখযোগ্য যে দেশৰ সর্বোচ্চ সন্মান পদ্ম বঁটাসমূহ কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত প্রদান কৰা হয়। পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্রী এই তিনিটা শিতানত প্রদান কৰা হয়। প্রতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়।

Also Read: ৰহাত সমূহীয়া বিবাহ সম্পন্ন...

padma awards Nomination