বালিসত্ৰত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ প্ৰতি সহাঁৰি জনাই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাই উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহী কৰিব বুলি আশাবাদী আয়োজকমণ্ডলী
বালিসত্ৰত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ, হাজো : হাজো সমষ্টিৰ বালিসত্ৰত অনুষ্ঠিত হৈছে দিবা-নৈশ ভলীবল প্ৰতিযোগিতা। প্ৰচণ্ড শীতকো নেওচি নিশা প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, বালিসত্ৰ ভলীবল কোচিং চেন্টাৰৰ উদ্যোগত আৰু জি এন বি ক্লাৱৰ সহযোগত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে। ১২ বছৰ অনুৰ্দ্ধৰ কিশোৰ-কিশোৰীৰ মাজত অনুষ্ঠিত কৰা হৈছে ভলীবল প্ৰতিযোগিতা।

ৰাতিপুৱাৰ ভাগৰে পৰা অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ ৮টাকৈ দলে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। চৰকাৰে ক্ৰীড়াৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ প্ৰতি সহাঁৰি জনাই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাই উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহী কৰিব বুলি আশাবাদী আয়োজকমণ্ডলী।

বালিসত্ৰত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in