/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f8daa4e7-e3bf-4249-98fa-4554db326d71/548.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : ৰাজ্যত এতিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনী বতৰ। আগন্তুক নিৰ্বাচনত পৰিষদৰ ২২ সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ী হ'ব বুলি বৃহস্পতিবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰকাশ কৰে। আগন্তুক নিৰ্বাচনত বিজেপি দলে খুব ভাল ফলাফল লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনী প্ৰচাৰৰ বাবে জিলাখনত উপস্থিত থাকিব। দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/cf9ff782-00f4-4e85-9bd2-d52527e6b0be/413003648_894459242135172_1892204831095977631_n.jpg)
বিজেপিৰ প্ৰতি ৰাইজৰ আগ্ৰহ আৰু সমৰ্থন খুবেই বেছি। বৰ্তমানে চলি থকা শাসকীয় দলৰ পৰিষদখনে যথেষ্ট কাম কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। দুৰ্যোগৰ সময়ত দেবুলাল গাৰ্লোচাৰ পৰিষদ তথা অসম চৰকাৰে ৰাইজ বাবে যথেষ্ট কাম কৰিছে গতিকে বিজেপিৰ প্ৰতি ৰাইজ কৃতজ্ঞ। লগতে তেওঁ কয় যে, পৰিষদীয় অঞ্চলটোত অসম মালাৰ অধীনত পথ তথা যোগাযোগৰ যথেষ্ট উন্নয়ন হৈছে। এনেবোৰ কাৰণতে ৰাইজৰ বিজেপিৰ প্ৰতি সমৰ্থন আছে।
ইতিমধ্যে ২৮ টা পৰিষদীয় সমষ্টিৰ ৬টাত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে আৰু বাকী ২২টা সমষ্টিত অতিকমেও ২০টা সমষ্টিত জয়ী হোৱাৰ দাবী কৰে মন্ত্ৰীগৰাকীয়ে। বিজেপিক ভোট নিদিয়া সকলো আমাৰে মানুহ, আমি সকলো এটা পৰিয়াল। অঞ্চলটোত শান্তি বৰ্তাই ৰাখিবলৈ সকলোকে আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/be444841-4c83-43c0-807e-a27c6a46deb7/412918703_894459278801835_6760986206127080177_n.jpg)
প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ নকৰিবলৈ ৰাইজলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে পৰিষদীয় নিৰ্বাচনটোত এখনো আসন নাপায় বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। আগন্তুক ৩,৪,৫ জানুৱাৰীত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অঞ্চলটোত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/39384577-2cb9-4527-a0b1-5634d05527a3/413002870_894381268809636_8145650151893641184_n.jpg)
অন্য এটা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত পুলিচৰাজ হ'বই নোৱাৰে। ইয়াত আইনৰ শাসন চলি আছে। বিষয়টো নস্য়াত কৰি তেওঁ কয় যে, এইখন চৰকাৰৰ দিনতে দুজনকৈ এছ পি পৰ্যায়ৰ বিষয়া জেললৈ গৈছে। আইপিএচ বিষয়াকো জেললৈ প্ৰেৰণ কৰা হৈছে। গতিকে পুলিচৰাজ বুলি ক'ব নোৱাৰি। অসমত আইনৰ শাসন চলি আছে বুলি মন্ত্ৰী হাজৰিকাই ব্যক্ত কৰে।
Also Read: কুৰি দিনে আই চি ইউত চিকিৎসাধীন জ্যেষ্ঠ সাংবাদিক যদু কাকতি