দৰঙত বিশ্ব সামাজিক ন্যায় দিৱস পালন

দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ২০ ফেব্রুৱাৰী তাৰিখে বিশ্ব সামাজিক ন্যায় দিৱস উপলক্ষে কাৰাবন্দীৰ অধিকাৰ বিষয়ক এখনি সভা অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
দৰঙত বিশ্ব সামাজিক ন্যায় দিৱস পালন

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ২০ ফেব্রুৱাৰী তাৰিখে বিশ্ব সামাজিক ন্যায় দিৱস উপলক্ষে কাৰাবন্দীৰ অধিকাৰ বিষয়ক এখনি সভা অনুষ্ঠিত হয় । দৰং জিলা কাৰাগাৰত অনুষ্ঠিত হোৱা সভাখনিত আদৰণী ভাষণ আগবঢ়াই দৰং জিলা কাৰাগাৰৰ অধীক্ষক কল্যাণ চৌধুৰীয়ে।

Advertisment

সমল ব্যক্তি হিচাপে উপস্থিত থাকে জিলা আইন সেৱা প্ৰাধিকাৰীৰ উপ মুখ্য আইনী সাহাৰ্য্য সুৰক্ষা বিষয়া ম: মকাদ্দেছ আলী, সহ: আইনী সাহাৰ্য্য সুৰক্ষা বিষয়া প্ৰদীপ লোহাৰ । দৰং জিলা আইন সেৱা প্ৰাধিকাৰী সচিব শতাব্দী ভূঞাই সমগ্ৰ বিষয়ৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে বিশেষকৈ কাৰাবন্দী সকলৰ স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত বহলাই আলোকপাত কৰে ।

উল্লেখ্য যে কাৰাবন্দীসকলৰ স্বাস্থ্যৰ উপযুক্ত যতনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ প্ৰয়োজনীয় ঔষধ সমূহ সযতনে ৰাখিবৰ বাবে দৰং জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা এটা ফ্ৰীজ প্ৰদান কৰা হয় । সভাখনিত দৰং জিলা কাৰাগাৰৰ বিষয়া-কৰ্মচাৰী, কাৰাবন্দী সকলৰ উপৰিও অৰ্দ্ধ-আইনী স্বেচ্ছাসেৱক অৰূপ ডেকাও উপস্থিত থাকে ।

Also Read: ৰাজ্যৰ আৰক্ষী প্রশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

darrang world social justice day