দৰং জিলাত প্ৰকাশ পালে নতুন ভোটাৰ তালিকা

দৰং জিলাত প্ৰকাশ পালে নতুন ভোটাৰ তালিকা ৷ পূৰ্বতকৈ কমিল দৰং জিলাৰ ভোটাৰৰ সংখ্যা ৷

author-image
Asomiya Pratidin
New Update
দৰং জিলাত প্ৰকাশ পালে নতুন ভোটাৰ তালিকা

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰং জিলাত প্ৰকাশ পালে নতুন ভোটাৰ তালিকা ৷ পূৰ্বতকৈ কমিল দৰং জিলাৰ ভোটাৰৰ সংখ্যা ৷ দৰং জিলাত ৩৫,৩,৬৮৩জন পুৰুষ ৩৪,৪,২৬০ মহিলা আৰু তৃতীয় লিংগৰ ১৫জন ভোটাৰ ৷

Advertisment

দৰং জিলাৰ আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই বৃহস্পতিবাৰে আয়ুক্তৰ সভাগৃহত সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰিলে দৰং জিলাৰ অন্তৰ্গত তিনিটা বিধান সভা সমষ্টিৰ ভোটাৰ তালিকা ৷ পূৰ্বৰ ৮৭,৭,৯০০ জন ভোটাৰৰ বিপৰীতে নতুন তালিকাত ৬৯,৭,৯৫৮ জন তালিকাভুক্ত হৈছে জিলা খনত ৷

উল্লেখযোগ্য যে সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে পূৰ্বতকৈ দৰং জিলা সমষ্টিত ভোটাৰৰ সংখ্যা কমিল ৷ সেই অনুসৰি দৰং জিলাত ৩৫,৩,৬৮৩ জন পুৰুষ ৩৪,৪,২৬০ মহিলা আৰু তৃতীয় লিংগৰ ১৫ জন ভোটাৰক লৈ মুঠ ৬৯,৭,৯৫৮ জন ভোটাৰে সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ ৷

নতুন ভোটাৰ তালিকা অনুসৰি ৪৯ নং ছিপাঝাৰ সমষ্টিত ২০,৪,৭৪৯ জন , ৫০ নং মঙলদৈ সমষ্টিত ১৯,৫,৩৬৩ আৰু ৫১ নং দলগাওঁ সমষ্টিত ২৯,৭,৮৪৬ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ।

উল্লেখযোগ্য যে সমষ্টি সংশোধন আৰু দৰঙৰ গৰুখুতিৰ উচ্ছেদৰ পিছত ছিপাঝাৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা কমি গৈ দলগাওঁ সমষ্টিত সমান্তৰাল ভাৱে ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে বুলি মন্তব্য কৰে দৰং জিলাৰ আয়ুক্ত গৰাকীয়ে।

Also Read: নগাঁৱত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰীসন্থাৰ সৰ্বাত্মক অসহযোগ কাৰ্যসূচী

darrang voter list