/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/85547b3a-7e46-4969-b21d-271fd27e9dca/3.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ দীৰ্ঘদিনীয়া দাবী সমূহ সমাধানৰ বাবে বৃহস্পতিবাৰৰ পৰা দুদিনিয়াকৈ ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সন্মুখত নগাঁও জিলা প্ৰশাসনৰ কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
তেওঁলোকৰ মূল দাবী সমূহ হ'ল জিলা প্ৰশাসনিক কৰ্মচাৰীক সুকীয়া দৰমহা গাঠনি প্ৰদান কৰি উচ্চ হাৰত গ্ৰেড পে প্ৰদান কৰা। জিলা আয়ুক্ত কাৰ্য্যলয়ত অধীক্ষক আৰু গাণণিক পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা,পৰ্য্যবেক্ষক সহায়কৰ পদোন্নতিত উচ্চ হাৰত পাবলগীয়া দৰমহা প্ৰদান কৰা, জাৰিকাক সকলকো অতিৰিক্ত ৩% দৰমহা প্ৰদান কৰা, পেঞ্চনাৰ সমস্যা দূৰ কৰা, NPS বাতিল কৰি OPS পুনৰ প্ৰচলন কৰা, ইত্যাদি । চৰকাৰে দাবীসমূহ মানি নল'লে অনাগত দিনত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলে ঘোষণা কৰে।