দৰং জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি

দৰং জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি

ডিজিটেল সংবাদ, মঙলদৈঃ সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ । বৰগীতক সংগীত মহাৰণত অন্তভুৰ্ক্ত কৰা হ'ব , সাংসদ দিলীপ শইকীয়া।

মঙলদৈৰ ডাকচকীত সুৰেন্দ্ৰ চন্দ্ৰ ডেকা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ , দৰং জিলা শাখাৰ বাৰ্ষিক অধিবেশনৰ মঙ্গলবাৰে সামৰণি পৰিল ৷

পুৱা ধৰ্মধ্বজা উত্তোলন , ভাগৱত আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হ'ল মুকলি ধৰ্মালোচনী সভা ৷ উদুলি মুদুলি বাপ,আই, মাতৃৰে মুকলি ধৰ্মালোচনী সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া ৷ অসম চৰকাৰে অনুষ্ঠিত কৰা সংগীত মহাৰণত মহাপুৰুষ দুজনাৰ সৃষ্ট বৰগীত অন্তভুৰ্ক্ত নকৰা সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্ন উত্তৰত সাংসদ দিলীপ শইকীয়াই কয়-এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক অৱগত কৰি পৰবৰ্ত্তী সময়ত বৰগীতক সংগীত মহাৰণত অন্তভুৰ্ক্ত কৰা হ'ব ৷ নিশা শংকৰী সাংস্কৃতিক অনুষ্ঠান আৰু ভাওনা প্ৰদৰ্শনৰ পিছতে সামৰণি পৰিব অধিৱেশনৰ ৷

দৰং জিলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ সামৰণি
পবিতৰাৰ গোনা ম'হৰ আক্ৰমণত দৰিদ্ৰ ৰত্নেশ্বৰে চটফটাইছে বিচনাতঃ খবৰ নাই বন বিভাগৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in