পবিতৰাৰ গোনা ম'হৰ আক্ৰমণত দৰিদ্ৰ ৰত্নেশ্বৰে চটফটাইছে বিচনাতঃ খবৰ নাই বন বিভাগৰ...

পবিতৰাৰ গোনা ম'হৰ আক্ৰমণত দৰিদ্ৰ ৰত্নেশ্বৰে চটফটাইছে বিচনাতঃ খবৰ নাই বন বিভাগৰ...
পবিতৰাৰ গোনা ম'হৰ আক্ৰমণত দৰিদ্ৰ ৰত্নেশ্বৰে চটফটাইছে বিচনাতঃ খবৰ নাই বন বিভাগৰ...

ডিজিটেল সংবাদ মায়ংঃ পবিতৰা অভয়াৰণ্যৰ এটা গোনা ম'হৰ আক্ৰমণত যোৱা ১৬ ডিচেম্বৰত কমাৰপুৰ গৰুবন্ধা গাঁৱৰ এজন লোক গুৰুতৰভাবে আহত হৈ আজিও বিচনাত পৰি আছে। আহত লোকজন ৰত্নেশ্বৰ ডেকা। ঘৰৰ বাৰাণ্ডাতে বনৰীয়া ম'হটোৰ আক্ৰমণত সেইদিনা পেটৰ নাড়ী-ভুৰি ওলাই গৈছিল।

তাৰ পিছতেই তেওঁক লৈ যোৱা হৈছিল ততাতৈয়াকৈ জি এম চি এইছলৈ। জি এম চি এইছতে তেওঁৰ অষ্ট্ৰোপচাৰ কৰা হ'ল। কিন্তু চিৰ দিনৰ বাবে ঘুনীয়া হৈ পৰিল দেহাটো। এমাহ হ'ল,বিচনাত চটফটাই আছে দৰিদ্ৰ দিন হাজিৰা কৰি খোৱা ৰত্নেশ্বৰে।

পিছে আজি পৰ্যন্ত কোনো আৰ্থিক সাহাৰ্য্য নাপালে চৰকাৰীভাবে। খৱৰ ন'ললে বন বিভাগেও। আৰম্ভণিতে ৰাইজৰ হেঁচাত পৰি মাত্ৰ টকা ৫ হাজাৰ বন বিভাগে দিলে যদিও সেয়া কণা হাঁহক পতন দিয়াৰ লেখিয়া হ'ল।

বৰ্তমান ৰত্নেশ্বৰৰ পৰিয়ালটো চিন্তাত ভাৰাক্ৰান্ত হৈ পৰিছে।ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ মানুহ জন আজি অকামিলা হৈ বিচনাত পৰি ৰৈছে।কেতিয়াবা হাতত লাখুঁটি এদাল লৈ ঘৰৰ বাৰাণ্ডাত অলপ সময়ৰ কাৰণে ওলাই আহে। আকৌ বিচনাত পৰেগৈ।

দুখে কুলাই পাচিয়ে নধৰা অৱস্থা এতিয়া ৰত্নেশ্বৰৰ। না দিন হাজিৰা কৰিব পাৰিব না কৃষি কৰ্মত জৰিত হ'ব পাৰিব। কি হ'ব ৰত্নেশ্বৰ আৰু পৰিয়ালটোৰ তাকে লৈ এতিয়া চিন্তাত পৰিছে।

উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত এমাহ চিকিৎসাধীন হৈ আছিল ৰত্নেশ্বৰ ডেকা। খাদ্যৰ সন্ধানত পবিতৰাৰ পৰা ওলাই গৈ কমাৰপুৰ গৰুবন্ধা গাঁৱত ম'হটোৱে ঘৰৰ বাৰাণ্ডাতে ৰৈ থকা অৱস্থাত ৰত্নেশ্বৰক আক্ৰমণ কৰিছিল।

তাৰ পিছতেই ৰাইজৰ মাজত হুৱাদুৱা লাগে আৰু ম'হটোক খেদি পঠাবলৈ চেষ্টা কৰে আৰু ম'হটোক গুলীয়াবলৈ বাধ্য হয়। কিছু সময়ৰ পিছত ম'হটো দৌৰি গৈ গৰঙা বিল পাৰ হ'বলৈ চেষ্টা কৰাৰ সময়তে গৰঙা মন্দিৰ চৌহদৰ জংঘলত মেৰপেচ লাগি মৃত্যু হয়।

ইফালে এই ঘটনাক লৈ ৰাইজৰ মাজত যথেষ্ট ক্ষোভ বৃদ্ধি পায়। উত্তেজিত হৈ পৰা ৰাইজে বন বিভাগৰ লোকক গৰঙা মন্দিৰ এলেকাত যথেষ্ট ককৰ্থনাও কৰে।কাৰণ যোৱা দুটা সপ্তাহত পবিতৰাৰ গোনা ম'হৰ আক্ৰমণত দুজন লোকৰ প্ৰাণ হানি হৈছে আৰু কেইবাজনো গুৰুতৰভাবে আহত হৈ চিৰদিনৰ বাবে ঘূণীয়া হৈছে।এই ক্ষেত্ৰত বন বিভাগ তথা চৰকাৰৰ ফালৰ পৰা যদি কোনো ব্যৱস্থা হাতত নলয় তেন্তে পৰিয়ালটো বিপদত সন্মুখীন হ'ব।

পবিতৰাৰ গোনা ম'হৰ আক্ৰমণত দৰিদ্ৰ ৰত্নেশ্বৰে চটফটাইছে বিচনাতঃ খবৰ নাই বন বিভাগৰ...
চৰাইদেউ চলাপথাৰত "পয় লেং" উৎসৱৰ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in