দৰঙত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

মঙলবাৰৰ পৰা দৰং জিলাত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ।

author-image
Asomiya Pratidin
New Update
BREAKING- পুনৰ পিছুৱালে গুণোৎসৱ…

ডিজিটেল সংবাদ,‌মঙলদৈঃ মঙলবাৰৰ পৰা দৰং জিলাত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। ৰাজ্যখনৰ লগতে দৰং জিলাতো গুণোৎসৱ আৰম্ভ হৈছে। গুণোৎসৱ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । ৰাজ্যৰ শিক্ষা বিভাগে জিলা খনত মঙ্গলবাৰ পৰা বৃহস্পতিবাৰৱলৈ অনুষ্ঠিত কৰিব 'গুণোৎসৱ ২০২৪' ।

Advertisment

এই গুণোৎসৱত জিলা খনৰ মুঠ ১,১৫৩খন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মূল্যায়ন কৰা হ'ব। মুঠ ১২,৯,৬৫৭ গৰাকী ছাত্র-ছাত্ৰীৰ মূল্যায়ন কৰা হ'ব। দৰং জিলাৰ গুণোৎসৱত মুঠ ৫৪৫ গৰাকী বৰ্হি:মূল্যায়কে ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যায়ন কৰিব।

দৰঙত এইবাৰ তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব গুণোৎসৱ । ৮ ফেব্রুৱাৰীত জিলাখনত গুণোৎসৱৰ সামৰণি পৰিব। জিলা শিক্ষা বিভাগে আশা প্ৰকাশ কৰিছে যে সুকলমে এই গুণোৎসৱৰ সামৰণি পৰিব।

Also Read: কাছাৰত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

Education Department darrang gunotsav 2024 ranoj pegu gunotsav