দৰং জিলাত কাৰাবন্দীৰ বাবে মীন পালন কাৰ্যসূচী

কাৰাবন্দীসকলৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে কাৰাগাৰ কৰ্তৃপক্ষই।

author-image
Asomiya Pratidin
New Update
দৰং জিলাত কাৰাবন্দীৰ বাবে মীন পালন কাৰ্যসূচী

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈত অৱস্থিত জিলা কাৰাগাৰত জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত জিলা কাৰাগাৰ কৰ্তৃপক্ষ আৰু জিলা মীন বিভাগৰ সহযোগত ২১ গৰাকী কাৰাবন্দীৰ বাবে দুদিনীয়া মীন পালন প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ তথা দৰঙৰ জিলা আৰু সত্ৰ ন্যায়াধীশ অভিজিৎ ভট্টাচাৰ্যই।

Advertisment

কাৰাবন্দীসকলৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে কাৰাগাৰ কৰ্তৃপক্ষই। যাতে কাৰাবন্দী সকলে জেলৰ পৰা ওলাই গৈ নিজে স্বাৱলম্বী হ'ব পাৰে তাৰে প্ৰতি লক্ষ্য ৰাখি এই বিশেষ কাৰ্যসূচী হাতত লৈছে বুলি মন্তব্য কৰে জিলা কাৰাগাৰৰ অধীক্ষক কল্যাণ চৌধুৰীয়ে।

Also Read: হিন্দুসকলক পূজা কৰাৰ অধিকাৰঃ জ্ঞানবাপী সন্দৰ্ভত আদালতৰ ডাঙৰ ৰায়

darrang fish farming