হিন্দুসকলক পূজা কৰাৰ অধিকাৰঃ জ্ঞানবাপী সন্দৰ্ভত আদালতৰ ডাঙৰ ৰায়

হিন্দুসকলক পূজা কৰাৰ অধিকাৰঃ জ্ঞানবাপী সন্দৰ্ভত আদালতৰ ডাঙৰ ৰায়

author-image
Asomiya Pratidin
New Update
হিন্দুসকলক পূজা কৰাৰ অধিকাৰঃ জ্ঞানবাপী সন্দৰ্ভত আদালতৰ ডাঙৰ ৰায়

ডিজিটেল ডেস্কঃ বাৰাণসী জিলা আদালতত কাশী জ্ঞানবাপী সম্পৰ্কীয় বিভিন্ন গোচৰৰ শুনানি নিৰন্তৰভাৱে চলি আছে। বুধবাৰে বাৰাণসী জিলা আদালতে জ্ঞানবাপী পৰিসৰৰ সৈতে সংলগ্ন সোমনাথ ব্যাসজীৰ উপাসনাস্থলত সন্দৰ্ভত এক ডাঙৰ ৰায় প্ৰদান কৰিছে।

Advertisment

আদালতে হিন্দুসকলক ব্যাসজীৰ উপাসনা কৰাৰ অনুমতি প্ৰদান কৰিছে। আদালতে এইটোও নিৰ্দেশ দিছে যে ৭ দিনৰ ভিতৰত তাত উপাসনা কৰাৰ ব্যৱস্থা কৰা হ'ব। এই ঠাইখিনি (ব্যাস জীৰ তাহখনা) মছজিদৰ তলত দক্ষিণফালে আছে।

মঙলবাৰে হিন্দু-মুছলিম পক্ষই এই সন্দৰ্ভত নিজৰ নিজৰ যুক্তি দাঙি ধৰিছিল। য'ত হিন্দুসকলে উপাসনা কৰাৰ বাবে অনুমতি বিচাৰিছিল। আনহাতে মুছলমান পক্ষই ইয়াক আপত্তি দৰ্শাইছিল। উল্লেখ্য যে, প্ৰায় তিনি মাহ ধৰি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ সময়ত ঠাইখিনি পৰিষ্কাৰ কৰা হৈছিল।

এতিয়া ইয়াত নিয়মিতভাৱে পূজা-অৰ্চনা হ'ব। কাশী বিশ্বনাথ ট্ৰাস্ট বোৰ্ডৰ তৰফৰ পৰা কৰা হ'ব পূজা। এই ৰায়ৰ পাছত হিন্দু পক্ষই প্ৰায় ৩০ বছৰ পাছত ন্যায় লাভ কৰাৰ দাবী কৰিছে। ১৯৯৩ চনৰ নৱেম্বৰ মাহলৈ ইয়াত পূজা-অৰ্চনা কৰা হৈছিল। তাৰ পিছৰ পৰাই ইয়াক ছীল কৰি ৰখা হৈছিল।

Also Read: গ্ৰেপ্তাৰ হ'ব নেকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী! পত্নীৰ হাতলৈ আহিব পাৰে ক্ষমতাৰ বাঘজৰী

Gyanvapi Mosque