দৰঙত অগ্নি আৰু দুৰ্যোগৰ ওপৰত সজাগতা শিবিৰ

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত আৰু দৰং কেঞ্চাৰ কেন্দ্ৰ,অসম ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ উদ্যোগত অগ্নি ৰ ওপৰত সজাগতা আৰু সাৱধানতা কাৰ্যসূচী ।

author-image
Asomiya Pratidin
New Update
দৰঙত অগ্নি আৰু দুৰ্যোগৰ ওপৰত সজাগতা শিবিৰ

ডিজিটেল সংবাদ,‌ মঙলদৈঃ অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অসম ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনী, দৰং কেঞ্চাৰ কেন্দ্ৰৰ উদ্যোগত, আৰু মঙ্গলদৈ অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত শনিবাৰে দৰং কেঞ্চাৰ কেন্দ্ৰত অগ্নি আৰু দুৰ্যোগৰ ওপৰত সাৱধানতা আৰু সজাগ হবৰ বাবে বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে ।

Advertisment

অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা অগ্নি, দুৰ্যোগৰ ওপৰত সাৱধানতা, সজাগতা অৱলম্বন ৰ ওপৰত কেনেদৰে ব্যৱস্থা ল'বলগীয়া হয় তাৰ ওপৰত লিখিত পুস্তিকা এখনি প্ৰকাশ কৰি উন্মোচন কৰে। অনুষ্ঠানত এই দুৰ্যোগৰ ওপৰত আয়োজন কৰা সজাগতা আৰু সাৱধানতা অৱলম্বনৰ কাৰ্যসূচীত উপস্থিত থকা সকলোকে উদেশ্যি আদৰণি ভাষণ আগবঢ়ায় দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকি অগ্নি সংযোগ হ'লে কেনেদৰে সজাগতা আৰু সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত বক্তব্য আগবঢ়ায় অসম ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ মুখ্য বিষয়া তৰুণ চন্দ্ৰ দিহিঙ্গীয়া ,অসম ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ আপতকালীন বিভাগৰ সহকাৰী বিষয়া ইৰফান খান,অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়া নয়ন খাউণ্ড ,অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্মচাৰী অৰ্ণৱ দাস, দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ সীবা সেন্থমেয়ৰ, চিকিৎসক ডা০ মানস ৰঞ্জন সেনাপতি, দৰং জিলা অগ্নিনিৰ্বাপক বাহিনীৰ বিষয় প্ৰদীপ বড়ো ,জে.ই. আই ৰ ফাইয়াৰ চেফটি মেনেজাৰ শৰৎ সিংহাই ।

আজিৰ কাৰ্যসূচীত উপস্থিত থাকে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ চাহিদুল ইছলাম,কৰ্মচাৰী গৌতম সন্দিকৈৰ লগতে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক,নাৰ্চ, কৰ্মচাৰী সকল। উক্ত কাৰ্যসূচীৰ আঁত ধৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই। উক্ত কাৰ্যসূচীত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰপৰা প্ৰকাশিত অগ্নি সংযোগ ৰ ফলত লবলগীয়া সাৱধানতা, দুৰ্যোগৰ ওপৰত সাৱধানতা অৱলম্বন সজাগতা ৰ সকলো লিপিবদ্ধ কৰি প্ৰকাশ কৰা পুস্তিকা উন্মোচন কৰে।

অসমত স্থাপন হোৱা কেঞ্চাৰ কেন্দ্ৰ সমূহত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰপৰা অগ্নি সংযোগ সাৱধানতা, দুৰ্যোগৰ ওপৰত ল'বলগীয়া সাৱধানতা অৱলম্বন, সজাগতা ৰ ওপৰত কেঞ্চাৰ কেন্দ্ৰ সমূহৰ চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰী সকলক প্ৰশিক্ষণ আৰু সজাগতা, সাৱধানতা অৱলম্বন কেনেকৈ ল'ব লাগে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

Also Read: পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমীয়া

assam darrang