পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমীয়া

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমীয়া

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰিগুৰি গাঁৱৰ বুলিধৰ দেউৰজা নামৰ ব্যক্তিজন যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে, ৪৮ বছৰীয়া বুলিধৰ দেউৰজাই নিজা ভটিজাকৰ চিকিৎসা কৰিবৰ বাবে ককায়েকৰ লগত ৰে'লেৰে দিল্লীলৈ গৈ থকা অৱস্থাত যোৱা ১৩ ফেব্ৰুৱাৰীত পুৰণি দিল্লী ৰে'লৱে ষ্টেচনৰ পৰা নিৰুদ্দেশ হয়।

নিৰুদ্দেশ হোৱা মানুহজনক বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ নাপাই ইতিমধ্যে পৰিয়ালৰ হৈ পত্নী কবিতা দেউৰজাই আৰক্ষীক এজাহাৰ দাখিল কৰা হৈছে। কিন্ত আজিপৰ্যন্ত লোকজনৰ কোনো শুংসূত্ৰ নাপায় পৰিয়ালটো ভাগি পৰিছে।

৫ ফুট উচ্চতাৰ, মিঠা বৰণীয়া, লং পেন্ট চাৰ্ট পৰিহিত বুলিধৰ দেউৰজাৰ কিবা সম্ভেদ পালে ৯৫৭৭৬৪১৮৮৯ আৰু ৯১০১৭১৩১১৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ অসমীয়া
স্বপ্না বজবেৰুৱাৰ 'হাগ্ৰামা মহিলাৰী' শীৰ্ষক গ্ৰন্থ বড়ো ভাষালৈ অনুবাদঃ কলাইগাঁৱত উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in