/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ad8dd53f-061c-4c60-8e8b-d33f6266bd7b/13.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: দৰং জিলা নাট্য সন্মিলনৰ অন্তৰ্গত ৰামধেনু শাখা, পূব মঙলদৈৰ উদ্যোগত ১০জুলাইৰ পৰা আৰম্ভ হোৱা নাট-নৃত্য কৰ্মশালাৰ বৃহস্পতিবাৰে নিশা সফল সামৰণি পৰে। এই উপলক্ষে চেনিয়ালপাৰা ৰঙ্গমঞ্চত সন্ধিয়া দৰং জিলা নাট্য সন্মিলনৰ সভাপতি মহেন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন আৰু স্বৰ্ণপীঠ মণ্ডলৰ সম্পাদক কুমাৰেশ দত্তই মঞ্চ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/859af804-8bf3-4ed7-ac8f-597df6d0f446/fd522163-e3d3-4387-bfd6-78218a737482.jpg)
দৰং জিলা নাট্য সন্মিলনৰ উপদেষ্টা গণেশ দত্ত, কাৰ্যকৰী সভাপতি মৃণাল ৰাজবংশী, মহিলা নেত্ৰী অনিতা ৰাজবংশী, গাঁও প্ৰধান হিতেশ ডেকা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকদ্বয় তিলক চন্দ্ৰ কলিতা, খগেন চহৰীয়া, ভোলানাথ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল চন্দ্ৰ ডেকা, পূব মঙলদৈ সাহিত্য সভাৰ সভাপতি প্ৰেমন শৰ্মা, সমাজসেৱক দশৰথ কলিতা অতিথি হিচাপে উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3b1c3b53-0c5b-4ca3-90de-7162ec4d1979/e7f1f847-cbdb-4a9b-89ba-3452af7a36ac.jpg)
ইয়াৰোপৰি উপস্থিত থাকে জ্যোতিষ কলিতা, দমন চন্দ্ৰ কলিতা, ধূলা হাইস্কুলৰ সহকাৰী শিক্ষক হৰেকৃষ্ণ কলিতা, সাংস্কৃতিক কৰ্মী ৰমণীকান্ত ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক কুলেন্দ্ৰ কলিতা, মুদৈবড়ি ভিচিডিচিৰ উপসভাপতি ৰঞ্জিত কলিতা। এই অনুষ্ঠানতে প্ৰশিক্ষক গৌৰীকান্ত শৰ্মা, কৈলাশ কলিতা আৰু গায়ত্ৰী মহন্তক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে 'সপোনে চুই যায়' শীৰ্ষক নাটখনত দৃষ্টিনন্দন অভিনয় কৰি উপস্থিত তিনি শতাধিক ৰাইজক মোহাচ্ছন্ন কৰে। উল্লেখ্য যে, কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ আঁত ধৰে হেৰম্ব প্ৰসাদ কলিতা, পংকজ মহন্ত আৰু কৈলাশ কলিতাই।