বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেল ভাৰত...

বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেল ভাৰত...

author-image
Asomiya Pratidin
New Update
বাংলাদেশক পৰাস্ত কৰি এছিয়া কাপৰ ফাইনেল ভাৰত...

ডিজিটেল ডেস্কঃ মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে। শুকুৰবাৰে অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভ কৰে।

Advertisment

খেলখনত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্রহ কৰে। প্রত্যুত্তৰত ভাৰতীয় দলটোৱে ১১ অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৮৩ ৰান সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। প্রতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে সন্ধিয়া ৭বজাত ভাৰত আৰু আনখন ছেমিফাইনেলত বিজয়ী দল দুটাৰ মাজত অনুষ্ঠিত হ'ব।

Also Read: এক লাখ নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্রাক এখোজ আগুৱাই ৪৬৫গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান...

india team asia cup