দৰঙৰ জিলা আয়ুক্তৰ সংবাদমেল

দৰঙৰ জিলা আয়ুক্তৰ সংবাদমেল

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দেওবাৰে দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ নাথ ঙাটেয়ে সাংবাদিকসকলক জিলাখনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বিষয়ে সবিশেষ ব্যক্ত কৰে। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত কয় যে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অংশ হিচাপে দৰং জিলাত অহা ২৬ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

জিলাখনত বৰ্তমান মুঠ ভোটাৰৰ সংখ্যা ৬৯৭৯৫৮ গৰাকী । ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৩৫৩৬৮৩ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৩৪৪২৬০ গৰাকী। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৫গৰাকী। সেইদৰে জিলাখনত ৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰৰ সংখ্যা ৬৯৪৪ গৰাকী আৰু ১০০ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৮২ গৰাকী। ১৮-১৯ বছৰ বয়সৰ যুৱপ্ৰজন্মৰ ভোটাৰৰ সংখ্যা ৭২৪১ গৰাকী।

জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকসকলক জনায় যে আগন্তুক লোকসভা নিৰ্বাচনত জিলাখনত মুঠ ৮৩৫ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ২৮৪ টা, ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ ২৩৫ টা আৰু ৫১ নং দলগাঁও বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৩১৬ টা। জিলাখনত মুঠ ৩১ টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। জিলা আয়ুক্তগৰাকীয়ে দৰং জিলাত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সংবাদ মাধ্যমৰ লগতে সংশ্লিষ্ট সকলো পক্ষৰ সহায় -সহযোগিতা কামনা কৰে।

সাংবাদিকসকলক তেওঁ জনায় যে লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে প্ৰযোজ্য হোৱা নিৰ্বাচনী আচৰণ বিধি অনুসৰি দৰং জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো চৰকাৰী প্ৰচাৰমূলক প'ষ্টাৰ, বেনাৰ, বিজ্ঞাপন আদি আতৰ কৰা তথা নিৰ্বাচনী আচৰণ বিধিৰ সঠিক পালন সুনিশ্চিত কৰাৰ বাবে যাবতীয় ব্যৱস্থা আৰম্ভ কৰা হৈছে। নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্পৰ্কীয় ঘটনা সম্পৰ্কে সাধাৰণ ৰাইজে ১৯৫০ ট'লফ্ৰী নম্বৰ আৰু cVIGIL এপৰ জৰিয়তেও জিলা প্ৰশাসনক অৱগত কৰিব পাৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে ঘোষণা হোৱা নিৰ্বাচনৰ দিন অনুসৰি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে অহা ২৮ মাৰ্চত অধিসূচনা জাৰি হ'ব। সমষ্টিটোৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে অহা ৪ এপ্ৰিল। মনোনয়ন পৰীক্ষণৰ দিন হৈছে ৫ এপ্ৰিল আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ৮ এপ্ৰিল। এই সংবাদমেলত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়া, উপাসনা দত্ত, নিৰ্বাচনী বিষয়া দেবাশীষ বৰঠাকুৰো উপস্থিত আছিল।

দৰঙৰ জিলা আয়ুক্তৰ সংবাদমেল
হোজাইত বন্যহস্তীৰ আক্রমণত আহত মহিলা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in