দৰঙৰ ধূলাত IPL জুৱাৰী গ্ৰেপ্তাৰ

দৰঙৰ ধূলাত IPL জুৱাৰী গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
দৰঙৰ ধূলাত IPL জুৱাৰী গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,‌ মঙলদৈঃ আই পি এল আৰম্ভ হোৱাৰ লগে লগেই দৰঙত বৃদ্ধি পাইছে জুৱাৰীৰ সংখ্যা। প্ৰতি দিনে চলিছে IPL জুৱা খেল। গোপন খবৰৰ ভিত্তিত দৰঙৰ ধুলা আৰক্ষীয়ে শনিবাৰে দুজনকৈ জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।

Advertisment

নিশা ধূলা আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিৰঞ্জন দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই। অভিযানত আটক কৰে জুৱাৰী দুজনক। জুৱাৰী দুজন হৈছে ধুলা থানাৰ অন্তৰ্গত ২নং ধনশ্ৰীকাষৰ নুৰুল হক আৰু মৌছিটাৰ ৰফিকুল ইছলাম।

ধূলা আৰক্ষী থানাৰ ৩২/২৪ গোচৰ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০B, ৪২০, আৰু গেম এণ্ড বেটিং আইনৰ ১৪ আৰু ১৫নম্বৰ ধাৰাত গোচৰ ৰুজু কৰি ধৃত জুৱাৰী দুজনক আজি মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে।

Also Read: মেৰাপানীত ধুমুহাই তচ্‌নচ্‌ কৰিলে কেইবাটাও পৰিয়াল

darrang