মেৰাপানীত ধুমুহাই তচ্‌নচ্‌ কৰিলে কেইবাটাও পৰিয়াল

মেৰাপানীত ধুমুহাই তচ্‌নচ্‌ কৰিলে কেইবাটাও পৰিয়াল

ডিজিটেল সংবাদ, মেৰাপানীঃ চ'তৰ শেষত বৰদৈচিলা মাকৰ ঘৰলৈ যায় গছ লতা ঘৰ-দূৱাৰ নিয়ে উৰুৱায়। হয় শনিবাৰে ৰাতি হঠাতে অহা এজাক প্ৰচণ্ড ধুমুহাই অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ মেৰাপানী কাছমাৰী, বিয়াকৰোৱা, টনাজানত বহু লোকৰ ঘৰ ভাঙি তচ্‌নচ্‌ কৰি পেলোৱাৰ লগতে গছ গছনি ভাঙি বিস্তৰ ক্ষতি সাধন কৰে।

ধুমুহা আৰু বৰষুণৰ ফলত পশুধনৰো মৃত্যু ঘটে। ধুমুহাই ঘৰ দূৱাৰ ভাঙি শেষ কৰাত পানীত হাঁহ নচৰা অৱস্থা হয় বহু কেইটা পৰিয়ালৰ। থাকিবলৈও ঠাই নোহোৱাৰ বাবে পৰিয়াল কেইটা মাজত হাহাকাৰ সৃষ্টি হয় । স্থানীয় বিধায়িকা তথা অসম চৰকাৰ মাননীয় বিত্ত মন্ত্ৰী অজন্তা নেওগৰ ওচৰত সাহাৰ্য্য বিচাৰি কাতৰ আহ্বান ধুমুহাই ক্ষতি কৰা পৰিয়ালৰ।

মেৰাপানীত ধুমুহাই তচ্‌নচ্‌ কৰিলে কেইবাটাও পৰিয়াল
অবৈধভাৱে ভাৰতত প্ৰৱেশ : আগৰতলা ষ্টেচনত ৭জন বাংলাদেশী গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in