দেশৰ ভিতৰতে জিলিকিল দৰঙৰ ধৃতিৰাজ...

দেশৰ ভিতৰতে জিলিকিল দৰঙৰ ধৃতিৰাজ...

author-image
Asomiya Pratidin
New Update
দেশৰ ভিতৰতে জিলিকিল দৰঙৰ ধৃতিৰাজ...

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈবাসীৰ বাবে অতিকৈ গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত। তীক্ষ্ণ মেধাসম্পন্ন ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই অধ্যয়নৰত হৈ থকা পুনে আই আই এছ ই আৰত ২০২২-২৩ বৰ্ষৰ আটাইতকৈ মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হৈছে। সমগ্ৰ ভাৰততে নিজৰ মেধাৰ বলত জিলিকি উঠা তথা অসমক জিলিকাই তোলা ধৃতিৰাজ বাস্তৱ কলিতাক লৈ দৰঙবাসী উৎফুল্লিত হৈ উঠিছে ।

Advertisment

উল্লেখযোগ্য যে সমগ্ৰ অসমতে মেধাৰ বলত নিজৰ পৰিচয় দিবলৈ সক্ষম হোৱা দৰঙৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতা ২০২০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম আৰুআৰু ২০২২ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰি জিকিলি উঠিবলৈ সক্ষম হৈছিল ।

Also Read: ২.৫০ কোটি টকাৰ নিষিদ্ধ দ্ৰব্যসহ ৩ জন গ্ৰেপ্তাৰ

darrang