২.৫০ কোটি টকাৰ নিষিদ্ধ দ্ৰব্যসহ ৩ জন গ্ৰেপ্তাৰ

২.৫০ কোটি টকাৰ নিষিদ্ধ দ্ৰব্যসহ ৩ জন গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ , ৰঙিয়া: সোমবাৰে ৰঙিয়াত আৰক্ষীয়ে ৩ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰীকেইটা ধৃত কোচবিহাৰৰ ৰছিদুল মিঞা, নয়ন মিঞা, ৰঙিয়াৰ ইমৰান হুছেইন বুলি আৰক্ষী সূত্ৰই জনায় ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া চহৰৰ বৰলীয়া নৈ পাৰৰ এক্সিছ বেংকৰ সমীপত গোপন সূত্ৰৰ পম খেদি এছ পি কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত পুৱতি নিশা ৪:৩০ বজাত এছ টি এফৰ অভিযান চলায়। এই অভিযানত এখন পশ্চিম বংগৰ পঞ্জীয়ন ভূক্ত ডব্লিউ বি ৮৬ ডি ৭৯০৭ নম্বৰৰ চাৰিচকীয়া এল্টো গাড়ীত ড্ৰাগছ সৰবৰাহকাৰীক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে মণিপুৰৰ পৰা সংগ্ৰহ কৰি অনা মাৰাত্মক য়াবা টেবলেটখিনি ইমৰান হুছেইনৰ পৰা ৰচিদুল মিঞা আৰু নয়ন মিঞাই ক্ৰয় কৰিছিল । ৰঙিয়াৰ পৰা কোচ বিহাৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্য য়াবা টেবলেটখিনি অ'ল্টো বাহনখনৰ দেচ ব'ৰ্ডৰ ভিতৰত গোপনে লুকুৱাই ৰাখিছিল ।

এই সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে ১০ হাজাৰ য়াবা টেবলেট। ইফালে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ২.৫০ কোটি টকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে । ইয়াৰ পিছত থানাত আৰক্ষীয়ে লৈ আনি জেইল হাজোতলৈ প্ৰেৰণ কৰে ।

২.৫০ কোটি টকাৰ নিষিদ্ধ দ্ৰব্যসহ ৩ জন গ্ৰেপ্তাৰ
যোৰহাটত আঢ়ৈ লাখ ভোটৰ ব্যৱধানত বিজেপি জয়ী হ'ব: মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in