দৰঙৰ আৰক্ষী চাউনীত স্তন কৰ্কট ৰোগৰ সজাগতা সভা

দৰঙৰ আৰক্ষী চাউনীত স্তন কৰ্কট ৰোগৰ সজাগতা সভা
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ: অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত দৰং কেঞ্চাৰ কেন্দ্ৰৰ স্তন কৰ্কট ৰোগ সজাগতা মাহ উপলক্ষে বুধবাৰে দৰং জিলাৰ আৰক্ষী চাউনীত দৰং আৰক্ষীৰ উদ্যোগত আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ সহযোগত স্তন কৰ্কট ৰোগৰ সজাগতা সভা অনুষ্ঠিত হয়।

সভাত কৰ্কট ৰোগৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা, স্ক্ৰীনিং ৰ লগতে দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ চিকিৎসা সেৱাৰ বিষয়ে অৱগত কৰে। মঙলদৈ আৰক্ষী চাউনীত অনুষ্ঠিত হোৱা স্তন কৰ্কট ৰোগৰ সজাগতা সভাত উপস্থিত থাকি দৰঙৰ মহিলা আৰক্ষী সকলক স্তন কৰ্কট ৰোগৰ সজাগতা,সাৱধানতা, পৰীক্ষা আৰু কৰ্কট ৰোগৰ আগতীয়া সাৱধানতাৰ বিষয়ে অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ ছহিদুল ইছলামে।

সজাগতা সভাত উপস্থিত থাকি দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ বিভিন্ন চিকিৎসা সেৱাৰ সুবিধা আৰু চিকিৎসা পৰীক্ষাৰ বিষয়ে অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ জিলা স্বাস্থ্য বিষয়া দীপমনি শৰ্মা আৰু ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই। সজাগতা সভাত উপস্থিত থাকে দৰং কেঞ্চাৰ কেন্দ্ৰৰ নাৰ্চ জেচমিন আৰা বেগম আৰু নয়না শৰ্মাই। তেওঁলোকে মহিলা আৰক্ষী সকলক স্তন কৰ্কট ৰোগৰ স্ক্ৰীনিং, প্ৰাথমিক চিকিৎসা আৰু স্তন কৰ্কট ৰোগৰ পৰা সাৱধানতা অৱলম্বন আদিৰ বিষয়ে সবিশেষ অৱগত কৰে। স্তন কৰ্কট ৰোগৰ সজাগতা সভাত শতাধিক মহিলা আৰক্ষী উপস্থিত থাকে।

দৰঙৰ আৰক্ষী চাউনীত স্তন কৰ্কট ৰোগৰ সজাগতা সভা
পাপৰি বৰ্মনলৈ ২০২৪ বৰ্ষৰ মুনীন বৰকটকী বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in