/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/435d2ab3-4c9c-44d1-8441-351908069b4c/4.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ মঙলদৈত যোৱা ২০২২ বৰ্ষৰ ২৮ এপ্ৰিল তাৰিখে দৰং কেঞ্চাৰ কেন্দ্ৰ স্থাপন হৈছিল। দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে মঙলদৈ চহৰত এক বাটৰ নাট অনুষ্ঠিত কৰে। মঙলদৈৰ মহিলা বজাৰত দৰং কেঞ্চাৰ কেন্দ্ৰৰ উদ্যোগত স্তন কেঞ্চাৰ সজাগতা মূলক বাটৰ নাট খনিৰে জনসাধাৰণৰ মাজত স্তন কেঞ্চাৰ ৰোগৰ সজাগতা মানুহৰ মাজত গঢ়ি তোলা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/e289c40a-ab6a-4efa-b569-941d15af1324/c34d1dbf_0a96_4ffa_91d8_35c5d1d1dba6.jpg)
কেঞ্চাৰ ৰোগৰ ওপৰত লবলগীয়া সাৱধানতা মূলক গোহাৰী ছপা কৰি ৰাইজৰ মাজত বিতৰণ কৰে। দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে স্তন কেঞ্চাৰ সজাগতা বৰ্ষ ৰূপে পালন কৰা হৈছে। এইবাৰৰ মূল বিষয়বস্তু হৈছে "আগতীয়া নিদানে স্তন কেঞ্চাৰৰ ৰুগ্নতা উন্নত কৰে"। দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি হিচাপে বিনামূলীয়া মে'মগ্ৰাফী ২৮ এপ্ৰিলৰ পৰা ৩১ মে' ২০২৪ লৈ আৰু ৫০ শতাংশ হাৰত মে'মগ্ৰাফী ১ জুন ২০২৪ ৰ পৰা ৩১ মাৰ্চ ২০২৫ লৈ উপলব্ধ হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1688adf9-3cef-4684-826e-25073d33d12d/ba679856_7bb6_4ab2_970c_2d3865a00a67.jpg)
ইয়াৰোপৰি বিনামূলীয়া মে'মগ্ৰাফী ৬০ বছৰৰ উৰ্ধৰ সকলো মহিলাৰ বাবে ২৮ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈকে। লগতে বিনামূলীয়া কেঞ্চাৰ স্কীণিং ২৮ এপ্ৰিলৰ পৰা ৩১ মাৰ্চ ২০২৫লৈ উপলব্ধ হ'ব বুলি দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে অৱগত কৰে।
দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি ২৮ এপ্ৰিলত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। উক্ত কাৰ্যসূচীত সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্তৃপক্ষই।
Also Read: ১১দিনৰ পিছত চিনাক্ত হ'ল তিনিচুকীয়াত উদ্ধাৰ হোৱা অগ্নিদগ্ধ মৃতদেহৰ...