১১দিনৰ পিছত চিনাক্ত হ'ল তিনিচুকীয়াত উদ্ধাৰ হোৱা অগ্নিদগ্ধ মৃতদেহৰ...

১১দিনৰ পিছত চিনাক্ত হ'ল তিনিচুকীয়াত উদ্ধাৰ হোৱা অগ্নিদগ্ধ মৃতদেহৰ...

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ ১৫এপ্ৰিলৰ পুৱা কচুজানৰ শুকানপুখুৰী চাহ বাগিছাত এটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হৈছিল। উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ উক্ত ঘটনাৰ প্ৰায় ১১ দিনৰ পিছত মৃতদেহটো চিনাক্ত কৰা হৈছে।

শিৱসাগৰ বকতাৰ ২১বছৰীয়া যুৱক ৰাজ লাচিত কৰ্মসূত্ৰে তিনিচুকীয়াত আছিল। ১৫এপ্ৰিলৰ পৰা পৰিয়ালৰ লোকে কোনো সন্ধান পোৱা নাছিল। শনিবাৰে ১১দিনৰ পিছত সন্ধান ওলাই ২১বছৰীয়া যুৱক ৰাজ লাচিতৰ। অৱশেষত তিনিচুকীয়া সদৰ আৰক্ষী থানাত উপস্থিত হৈ পৰিয়ালৰ লোকে ১৫এপ্ৰিলত তিনিচুকীয়াত উদ্ধাৰ হোৱা মৃতদেহটো ৰাজ লাচিতৰ বুলি চিনাক্ত কৰে।

উল্লেখযোগ্য যে ৰাজ লাচিতে প্ৰায় চাৰি মাহৰ পৰা তিনিচুকীয়া পৰ্বতীয়াস্থিত হ’ট অভেন নামৰ এখন বেকাৰীত  কাম কৰিছিল। বেকাৰীৰ মালিকে জানিব দিয়া অনুসৰি ১৪ এপ্ৰিলত দিনত ককৰাতলিৰ গগৈ উপাধিৰ এজন যুৱকৰ সৈতে অন্য এজন সতীৰ্থ কৰ্মচাৰী ঘৰত বিহু খাবলৈ বুলি ওলাই গৈছিল ৰাজ লাচিত৷ সেইদিনাৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল ৰাজ লাচিত।

১১দিনৰ পিছত চিনাক্ত হ'ল তিনিচুকীয়াত উদ্ধাৰ হোৱা অগ্নিদগ্ধ মৃতদেহৰ...
ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত 'ৰঙালীৰ এদিন'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in