/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8996f2d3-b93c-49a4-ae24-ab09ff929e3b/1.jpg)
ডিডিটেল সংবাদ, কোকৰাঝাৰঃ সমাগত লোকসভা নিৰ্বাচন। আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসমূহো ব্যস্ত হৈ পৰিছে ভোটাৰক আকৰ্ষণ কৰিবলৈ। ৰাজ্যখনৰ আন আন সমষ্টিৰ লগতে কোকৰাঝাৰ, দৰং-ওদালগুৰি লোকসভা সমষ্টিতো ইতিমধ্যে দলসমূহে নিৰ্বাচনৰ প্ৰচাৰ প্ৰক্ৰিয়া প্ৰায় আৰম্ভ কৰিছে।
লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাকমুহূৰ্তত কোকৰাঝাৰ, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে বিপিএফ দলেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কোকৰাঝাৰ, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী নাম ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিধায়ক খাম্পা বৰগয়াৰীয়ে। দৰং-ওদালগুৰি সমষ্টিৰ পৰা বিপিএফৰ হৈ প্ৰতিদ্বন্দিতা কৰিব বিধায়ক দূৰ্গাদাস বড়োয়ে ।
Also Read: যদি নিৰ্বাচনী বণ্ডৰ ধন আহে, ইডি, আই টি আৰু নাহে !