যদি নিৰ্বাচনী বণ্ডৰ ধন আহে, ইডি, আই টি আৰু নাহে !

যদি নিৰ্বাচনী বণ্ডৰ ধন আহে, ইডি, আই টি আৰু নাহে !
যদি নিৰ্বাচনী বণ্ডৰ ধন আহে, ইডি, আই টি আৰু নাহে !

উচ্চতম ন্যায়ালয়ৰ কাঢ়া নিৰ্দেশ আৰু ৰঙা চকুত হাৰ মানিলে ভাৰতীয় ষ্টেট বেংকে। ৰাজহুৱা কৰিলে নিৰ্বাচনী বণ্ডৰ তথ্য। কিন্তু সেই তথ্য আছিল আধৰুৱা। যাৰ বাবে ক্ষুদ্ধ হ'বলগীয়া হ'ল উচ্চতম ন্যায়ালয়। পুনৰ আধৰুৱা তথ্যৰ বাবে জবাবদিহি কৰি ১৮ মাৰ্চ ২০২৪ ত নিৰ্বাচনী বণ্ডৰ ক্ৰমিক নম্বৰ ৰাজহুৱা কৰাৰ আদেশ জাৰি কৰিলে।

ন্যায়ালয়ৰ চিধা কথা নিৰ্বাচনী বণ্ডৰ কোনো তথ্য এছ বি আই অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে লুকুৱাব নোৱাৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন পাঁচজনীয়া বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰাৰ পিছত ইলেক্টৰেল বণ্ডসমূহত ছপা থকা ইউনিক আলফা নিউমেৰিক ক'ডসহ স্কেন কপি নিৰ্বাচন আয়োগক জমা দিব লাগিব।

এনে কৰিলে কোন ব্যক্তি বা কোম্পানীয়ে কিমান টকা, কোন ৰাজনৈতিক দলক আদায় দিছিল সেয়া ওলাই পৰিব। অতি কৌশলেৰে পেনড্ৰাইভত ভৰাই এছ বি আইয়ে দেখাত নিৰ্বাচন বণ্ডৰ তথ্য নিৰ্বাচন আয়োগক হস্তান্তৰ কৰিছিল যদিও কোন কোম্পানী বা ব্যক্তিয়ে কিমান ধন, কোনটো ৰাজনৈতিক দলক দিছিল সেই তথ্য এই পেনড্ৰাইভৰ তথ্যত নাছিল।

নিৰ্বাচনী বণ্ড সম্ভৱতঃ চৰকাৰী পৃষ্ঠপোষকতাত চলা দেশৰ এটা বৃহৎ ৰাজনৈতিক কেলেংকাৰী বুলিব পাৰি। এটা অনীতিগত কাম আইনগতভাৱে কৰা এই কৌশল ধৰা পৰি গ'ল। কেৱল বিজেপিয়েই নহয়, দেশৰ প্ৰায়বোৰ প্ৰতিষ্ঠিত ৰাজনৈতিক দলেই এনে বণ্ডৰ জৰিয়তে ধন লাভ কৰিছিল।

এই তথ্য, প্ৰকাশ হোৱাৰ পাছত এয়াও পোহৰলৈ আহিল যে ইডি, চি বি আই, আয়কৰ বিভাগৰ তালাচী এনেই নচলায়। কেন্দ্ৰীয় এনে সংস্থাবোৰক শাসনত থকা ৰাজনৈতিক দলে ব্যৱহাৰ কৰিছিল। বিশেষকৈ বিজেপিৰ বিৰুদ্ধে সেই ভয়ংকৰ অভিযোগ প্ৰমাণ হ'ল।

কোনোবাই যদি এনে তালাচীৰ পাছত ৰাজনৈতিক দলক বণ্ডৰ জৰিয়তে ধন দিছে আন কোনোবাই সেই বণ্ড ক্ৰয় কৰি ৰাজনৈতিক দলক দিয়াৰ পাছত চৰকাৰী কামৰ বৃহৎ ঠিকা লাভ কৰিছে। এক কথাত দুৰ্নীতি এনেদৰে চকুৰ সন্মুখতে ৰাজনৈতিক দলবোৰে সংগঠিত কৰিছিল।

বণ্ড কিনা ১৪ টা কোম্পানীত চলিছিল ইডি, আয়কৰ, চি বি আইৰ তালাচী। নিৰ্বাচনী বণ্ড যোগে সৰ্বাধিক ধন দিছিল লটাৰী মাফিয়া হিচাপে খ্যাত ছাণ্টিয়াগো মাৰ্টিনে। মাৰ্টিনৰ বিৰুদ্ধে ইডিৰ তালাচী চলিছিল, জব্দ কৰা হৈছিল ৪০৯.১২ কোটি টকা। তেওঁৰ সম্পত্তিও জব্দ হৈছিল আৰু সেই মাৰ্টিনৰ কোম্পানী ফিউচাৰ গেমিঙে সৰ্বাধিক ১৩৬৮ কোটি টকাৰ বণ্ড ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে।

যি প্ৰথম ৩০ টা কোম্পানী বা সংস্থাই বণ্ড ক্ৰয়ৰ তালিকাত শীৰ্ষত আছে তেনে কোম্পানীৰ ভিতৰত ১৪ টাতে চি বি আই, ইডি, আয়কৰৰ তালাচী চলিছিল। দেশৰ মুঠ ১৩০০ ৰো অধিক ব্যক্তি তথা প্ৰতিষ্ঠানে ইলেক্ট্ৰৰেল বণ্ড ক্ৰয় কৰিছিল। লটাৰী মাফিয়াৰ কোম্পানী ফিউচাৰ গেমিং এণ্ড হোটেল চাৰ্ভিছৰ প্ৰতিষ্ঠানত ২০১৫ চনত ইডিয়ে শিলিগুৰিত থকা কাৰ্যালয়ত অভিযান চলাই ১০০ কোটি টকা জব্দ কৰিছিল।

এনেদৰে এই কোম্পানীটোত চলিছিল ইডিৰ অভিযান পৰৱৰ্তী সময়তো। বিনিময়ত হয়তো লটাৰী চলাই যাবলৈ অলিখিত লাইচেন্স এই কোম্পানীটোক দিয়া হৈছিল। মেঘা ইঞ্জিনীয়াৰিং এণ্ড ইনফ্ৰা নামৰ কোম্পানীটোৱে মুঠ ৮০০ কোটি টকাৰ বণ্ড কিনি ৰাজনৈতিক দলক দিছিল।

২০২৩ ৰ এপ্ৰিলত এই কোম্পানীটোৱে ১৪০ কোটি টকা ৰাজনৈতিক দলক বণ্ড যোগে দিয়াৰ পাছতেই তেওঁলোকে থানে, বৰিভালি, টুইন টানেল প্ৰকল্পৰ বাবে ঠিকা লাভ কৰিছিল। সেই ঠিকাৰ ধনৰ পৰিমাণ আছিল ১৪,৪০০ কোটি টকা। অৰ্থাৎ ১ শতাংশ ধন তেওঁলোকে ক্ষমতাশালী ৰাজনৈতিক দলক উৎকোচ হিচাপে দিয়া বুলিও ধৰি ল'ব পাৰি।

বিৰোধী ৰাজনৈতিক দলসমূহে বণ্ডৰ ধন লোৱা সূত্ৰে বিজেপিৰ এই অপকৰ্মৰ বিৰুদ্ধে ভৱাৰ ধৰণে মাত মাতিব পৰা নাই। এনে পৰিস্থিতি হৈছে যে, কোনে, কাক এতিয়া ককা বুলিব? ৫ টা বছৰত বিজেপিৰ পুঁজিত ৬০৬০ কোটি সোমাল। নৰেন্দ্ৰ মোডীয়ে আমিও নাখাও কাকো খাবলৈ নিদিও বুলি মানুহৰ সন্মুখত যি শ্ল'গান দিছিল তাৰ নমুনা এতিয়া এয়া।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো কোম্পানীয়ে এই বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক ধন আদায় দিছে নে সিও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। তালিকাত উত্তৰ পূৰ্বাঞ্চলত কৰ্মৰত বহু কোম্পানীৰ নাম আছে। ৭ মে' ২০১৯ ত গুৱাহাটীৰ কাৰ্বন লিমিটেড নামৰ ১ কোটিকৈ দুখন নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল।

সেই ধন অৱশ্যে কোন ৰাজনৈতিক দলক দিলে সেয়া জনা নাযায়। একেদৰে ষ্টাৰ চিমেণ্ট মেঘালয় লিমিটেডে এই প্ৰতিষ্ঠানৰ নামত ২০ এপ্ৰিল ২০১৯ ত ১৪ খন বণ্ড ক্ৰয় কৰিছিল। ইয়াৰে ৪ খন বণ্ড ১ কোটিকৈ টকাৰ মূল্য আছিল আৰু বাকীবোৰ বণ্ড আছিল ১০ লাখ টকাৰ। অৰ্থাৎ মুঠ ৫ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল এই কোম্পানীটোৱে।

লক্ষ্যণীয় বিষয় যে, আদানি, আম্বানিয়ে বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলক ধন আদায় দিছিল নে নাই? বহুতৰ মতে আন কোম্পানীৰ নামত বহু পুঁজিপতিয়ে ধন আদায় দিছিল। কিন্তু তেওঁলোকৰ মালিকানাধীন কোম্পানীৰ নাম ৰাজহুৱা নোহোৱাত পৰোক্ষভাৱে সেই অভিযোগৰ পোনপটিয়া আঙুলি তুলিবলৈ সম্ভৱ হোৱা নাই।

প্ৰায়ে দেখা যায় নিৰ্বাচনৰ পূৰ্বে অত্যাৱশ্যকীয় কিছু সামগ্ৰীৰ দাম চৰকাৰে হ্ৰাস কৰে। কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে প্ৰায়বোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি পায়। যেনে নিৰ্বাচনৰ পাছত চিমেণ্টৰ দাম বাঢ়ে, ঔষধৰ দাম বাঢ়ে। চৰকাৰে ইয়াৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে।

নিৰ্বাচন বণ্ড যোগে ঔষধ কোম্পানীবোৰেও ৰাজনৈতিক দলক ধন দিয়ে। শেহতীয়াকৈ উন্মোচিত তথ্যত ৫৩৪ কোটি টকা ফাৰ্মা কোম্পানীবোৰে ৰাজনৈতিক দলক আদায় দিছিল। ইয়াৰ ভিতৰত ড০ ৰেড্ডীছ লেবছে ৮৪ কোটি টকা, ট'ৰেণ্ট ফাৰ্মাচিউটিকেলছে ৭৮ কোটি টকা, নাটকৌ ফাৰ্মাই ৫৭ কোটি, ডেভিছ লেবৰটৰিছে ৫৫ কোটি, অৰবিন্দ ফাৰ্মাই ৫২ কোটি, চিপলা লিমিটেডে ৩৪ কোটি, পিৰামল এণ্টাৰপ্ৰাইজে ৩৫ কোটি, চানফাৰ্মা লেবৰটৰিছে ৩২ কোটি, হেটেৰেও ড্ৰাগছে ৩০ কোটি, জিডাছ হেলথ কেয়াৰে ২৯ কোটি, এম এছ এম ফাৰ্মচেমে ২৬ কোটি, হেটেৰেও লেবছে ২৫ কোটি, মেনকাইন্দ ফাৰ্মাই ২৪ কোটি, ইণ্টাৰ্ছ ফাৰ্মাচিউটিকেলে ২০ কোটি টকাৰ নিৰ্বাচনী বণ্ড কিনিছিল।

ৰাজনৈতিক দলক ইমান বৃহৎ পৰিমাণৰ ধন দিয়াৰ পিছত তেওঁলোকে ঔষধ বা চিকিৎসাজনিত সা-সামগ্ৰীৰ মূল্য নবঢ়ায় বঢ়াব কোনে? একমাত্ৰ চি পি আই এম দলেই এই ইলেক্টৰেল বণ্ড ল'বলৈ অস্বীকাৰ কৰিছিল। বাকী যি ৰাজনৈতিক দলেই এই সুবিধা পাইছে সেয়া গ্ৰহণ কৰিছিল। এক অৰ্থৎ আয়কৰ বিভাগ, ইডিক চৰকাৰে চান্দা সংগ্ৰহৰ এজেণ্ট কৰি এই কাৰবাৰ চলাই গৈছিল। বিজেপি আছিল ইয়াৰ মাষ্টাৰ মাইণ্ড। সেই কথা এতিয়া ধৰা পৰিল।

যদি নিৰ্বাচনী বণ্ডৰ ধন আহে, ইডি, আই টি আৰু নাহে !
ইলেক্টৰল বণ্ডৰ বিষয়ে লিখি বিপদত প্ৰদ্যুৎঃ হিমন্ত বিশ্ব শৰ্মাই ল'ব আইনী ব্যৱস্থা!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in