কংগ্ৰেছত অব্যাহত আছে খহনীয়াঃ দৰঙত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

কংগ্ৰেছত অব্যাহত আছে খহনীয়াঃ দৰঙত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছত অব্যাহত আছে খহনীয়াঃ দৰঙত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী

ডিজিটেল সংবাদ,‌ মঙলদৈঃ 'কংগ্ৰেছত যিদৰে খহনীয়া হৈছে, হয়তো দলটোৰ প্ৰাৰ্থী গৰাকীয়েও কোনোবা দিনা বিজেপিত যোগদান কৰিব পাৰে। নিৰ্বাচনৰ পাছতে বহু বিবাহ নিষিদ্ধ আইন অসমত বলৱৎ হ'ব, সেয়ে আজমলে মন কৰিলে বিহু, নিৰ্বাচনৰ আগতে বিয়া পাতিব পাৰে।' এই ভাষ্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ।‌

Advertisment

লক্ষনীয় যে, দৰং জিলা বিজেপিৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত দেওবাৰে আবেলি ৩ বজাত দৰং বিজেপিৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ সহযোগত এক যোগদান সভাৰ আয়োজন কৰা হয়। সভাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, দৰং-ওডালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া, কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মীন অধ্যক্ষ গুৰুজ্যোতি দাস, যুৱ মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি জোনজ্যোতি কাশ্যপ, মঙলদৈ সমষ্টিৰ নিৰ্বাচনী প্ৰভাৰী অনুপ বৰ্মণ, ছিপাঝাৰৰ প্ৰভাৰী ৰাতুল শৰ্মা, জিলা যুৱ মৰ্চাৰ সভাপতি দিব্যজ্যোতি শৰ্মা, মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপালী দেৱী সহ বিজেপিৰ নীলিমা দেৱী, কুলদীপ বৰুৱা, দেবব্ৰত দত্ত, প্ৰতাপ বৰদলৈ, প্ৰণৱ বৰুৱা আদিয়ে অংশ লয়।

জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা আৰু সম্পাদক মন্টু ডেকাই আঁতধৰা যোগদান সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে, আগন্তুক লোকসভা নিৰ্বাচন, প্ৰধানমন্ত্ৰী মোডীক তৃতীয়টো কাৰ্যকালৰ বাবে অধিস্থিত কৰাৰ নিৰ্বাচন। ইয়াত ধৰ্ম-বৰ্ণ, দুখীয়া-ধনীৰ কোনো পাৰ্থক্য নাই। আনহাতে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই যোগদানকাৰী ভিন্ন দল-সংগঠনৰ সকলোকে আহ্বান জনাই কয় যে, সকলোৱে অলপ বহল অন্তৰৰ পৰিচয় দি দেশত পুনৰ মোডীজীক প্ৰধানমন্ত্ৰী হিচাবে জয়ী কৰোৱাব লাগে। মোডীৰ নেতৃত্বত দেশৰ সকলোৱে শান্তি-প্ৰগতিৰ সোৱাদ পাইছে। লোকসভা নিৰ্বাচনৰ বাবে নিজৰ পৰিয়ালৰ লগতে চুবুৰীয়া সকলকো ভোট বিচাৰি যাবলৈ তেওঁ আহ্বান জনায়।

যোগদান সভাত কংগ্ৰেছৰ জিলা প্ৰাক্তন সম্পাদক, ছিপাঝাৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰেকিবুদ্দিন আহমেদ, ছিপাঝাৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক ৰণজিৎ বৰা, বিজয় নাথ, যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি আজমল হক সহ আমিনুল হক, ছফিকুল হক, নুৰুল হকৰ নামো সন্নিৱিষ্ট হৈছে।

একেদৰে আম আদমী পাৰ্টীৰ জিলা সাংগঠনিক সম্পাদক ৰেজাউল হক, নেকিবুৰ ৰহমান, চামচুল হক, মোস্তাক আহমেদ, ৰেকিবুদ্দিন আহমেদ, চহিদুল ইছলাম, মইদুল ইছলামকে ধৰি ৩০ জনীয়া দলে যোগদান কৰে। যোগদানকাৰীসকলৰ মাজত দলগাওঁ আৰু মঙলদৈৰ ভিন্ন যুৱকংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছৰ বিষয়-ববীয়া সহ ৱাৰ্ড কমিটিৰ ২ শতাধিক সদস্যও আছে।

Also Read: কছলুখোৱা সাৰ্বজনীন দুৰ্গামন্দিৰত বিশ্ব কল্যাণৰ বাবে মহাৰুদ্ৰ যজ্ঞ মহোৎসৱ

darrang loksabha election bjp