Advertisment

কছলুখোৱা সাৰ্বজনীন দুৰ্গামন্দিৰত বিশ্ব কল্যাণৰ বাবে মহাৰুদ্ৰ যজ্ঞ মহোৎসৱ

কছলুখোৱা সাৰ্বজনীন দুৰ্গামন্দিৰত বিশ্ব কল্যাণৰ বাবে মহাৰুদ্ৰ যজ্ঞ মহোৎসৱ

author-image
Asomiya Pratidin
New Update
কছলুখোৱা সাৰ্বজনীন দুৰ্গামন্দিৰত বিশ্ব কল্যাণৰ বাবে মহাৰুদ্ৰ যজ্ঞ মহোৎসৱ

ডিজিটেল সংবাদ, বেবেজীয়াঃ বিশ্ব কল্যাণৰ বাবে অনুষ্ঠিত হৈ থকা নগাঁও জিলাৰ কছলুখোৱা দূৰ্গা মন্দিৰ আৰু বৈদিক সংস্কৃতি কেন্দ্ৰত ২৮ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা মহাৰুদ্ৰ যজ্ঞ মহোৎসৱৰ দেওবাৰে সফল সামৰণি পৰে । আজি পুৱা ৬ বজাত বেদধ্বনি, ৭.৩০ বজাত যজ্ঞ আৰম্ভ, ১০.৩০ বজাত ৰুদ্ৰাভিষেক, ১১.৩০ বজাত শ্ৰী শ্ৰী বিষ্ণু সহস্ৰনাম পাঠ আৰু বটুক সহ পঞ্চকুমাৰী পূজাৰ পিছত দুপৰীয়া যজ্ঞৰ পূৰ্ণাহুতি প্রদান, আৰতি, মহাশান্তি, আশিস প্রদান আৰু ভোগ বিতৰণৰ পিছত অনুষ্ঠানৰ সামৰণি পৰে ।

Advertisment

উল্লেখযোগ্য যে কাৰ্যসূচীৰ প্ৰথম দিনটোত অৰ্থাৎ ২৮ মাৰ্চত সন্ধ্যা ৫ বজাত শ্ৰী শ্ৰী মহাৰুদ্ৰৰ যজ্ঞৰ মূৰ্তি স্থাপন আৰু শ্ৰী শ্ৰী মহাৰুদ্ৰৰ যজ্ঞৰ অধিবাসেৰে প্ৰথম কাৰ্যসূচীৰ আৰম্ভণি ঘটাৰ পিছত ২৯ মাৰ্চত যাজ্ঞিকসকলৰ মণ্ডপলৈ আদৰণি, পাদ প্রক্ষালন, মহাধ্বজা উত্তোলন কৰা হয় । যজ্ঞৰ সংকল্প আৰু জপযজ্ঞৰ পিছতে বন্তি প্ৰজ্বলন আৰু ধ্বজা উত্তোলন কাৰ্যসূচী সম্পন্ন হয় । পৰৱৰ্তী নান্দী শ্ৰাদ্ধ আৰু দুপৰীয়া বিষ্ণু সহস্ৰনাম পাঠৰ পিছত বিয়লিৰ আৰতিৰে দ্বিতীয় দিনৰ কাৰ্যসূচী সমাপন ঘটে ।

উল্লেখযোগ্য যে ৩০ মাৰ্চৰ কাৰ্যসূচীত আৰম্ভণিতে ৬ বজাত বেদধ্বনি আৰু ৰেংবেঙৰ পবিত্ৰ জলশ্ৰোতৰ পৰা জল আহৰণৰ পিছতে সূৰ্য্যৰ পৰা অগ্নি আহৰণ, মূল পূজা আৰু যজ্ঞৰ আৰম্ভ ঘটে। যজ্ঞৰ কুণ্ড শুদ্ধি আৰু যজ্ঞ কুণ্ডত অগ্নি স্থাপন আৰু আহুতি প্ৰদানৰ পিছতে ৰুদ্ৰাভিষেক সম্পন্ন হৈ উঠে। দুপৰীয়া শ্ৰী শ্ৰী বিষ্ণু সহস্ৰনাম পাঠৰ পিছতে ভোগ বিতৰণ কৰা হয় ।

উল্লেখযোগ্য যে অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক, ভাৰত চৰকাৰৰ ধৰ্মসেৱা বঁটাৰে সন্মানিত তথা শংকৰাচাৰ্য বঁটা প্ৰাপক-সাহিত্যিক পেঞ্চনাৰ ৰোহিনী বল্লভ দেৱ গোস্বামী শাস্ত্ৰীকে প্ৰমূখ্য কৰি বহুকেইজন গণ্য মান্য ব্যক্তি ।

Also Read: গড়গাঁও মহাবিদ্যালয়ত ভোটাৰ সজাগতা কাৰ্যসূচী

nagaon