দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন...

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন...

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং আৰু ওদালগুৰি জিলাৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয় দৰং কেঞ্চাৰ কেন্দ্ৰই দেওবাৰে দুবছৰ অতিক্ৰম কৰিলে। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত প্ৰতিষ্ঠা হোৱা দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দৰং কেঞ্চাৰ কেন্দ্ৰত বিভিন্ন কাৰ্যসূচীৰে পালন কৰিছে বৰ্ষপূৰ্তি অনুষ্ঠান।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা কাৰ্যসূচী অনুসৰি দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই আঁত ধৰে। দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে ৰূপায়ন কৰা জাতীয় সংগীতেৰে আৰম্ভ হয়। প্ৰথমে দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে আদৰণি ভাষণ আগবঢ়াই। বক্তব্যত উপস্থিত থকা ৰাইজক দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া কাৰ্যকালৰ কিছু আভাস আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ সুবিধাসমূহৰ বিষয়ে অৱগত কৰে।

বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা০ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য আগবঢ়ায় দৰঙৰ ডেবন্সন নাৰ্চিং হোমৰ সঞ্চালক,চিকিৎসক তথা সু-সাহিত্যিক ডা০ অমৰেন্দ্ৰ নাৰায়ণ দেৱ , মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰাই। মঙলদৈ ড'ন ব'স্ক ৰ অধ্যক্ষ একটা টাৰ্কিয়ে কেঞ্চাৰ চিকিৎসা সম্পৰ্কীয় ৰ লগতে জনসাধাৰণে আগতীয়াকৈ ল'ব লগা সাৱধানতাৰ ওপৰত বক্তব্য আগবঢ়ায়। দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে দৰঙৰ সাংস্কৃতিক অনুষ্ঠান থেচপিচৰ কৰ্মীসকলে স্তন কেঞ্চাৰ সজাগতাৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰে।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ সীবা সেন্থমেয়ৰ আৰু ভা০ মানস ৰঞ্জন সেনাপতিয়ে কেঞ্চাৰ চিকিৎসাৰ ওপৰত সবিশেষ দাঙি ধৰে। অনুষ্ঠানত উপস্থিত থাকি বক্তব্য ৰাখে অসম গৌৰৱ বঁটা প্ৰাপক তথা বিশিষ্ট উদ্যোগপতি অনুপম ডেকা, দৰং ওদালগুৰি জিলাৰ জেষ্ঠ্য সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা, ভাৰতীয় ৰেডক্ৰছ ছোচাইটি দৰং জিলা শাখাৰ সম্পাদক হৰি চন্দ্ৰ শৰ্মা,সমাজ সেৱিকা সংগীতা দেৱী।

ইয়াৰোপৰি শিক্ষয়িত্ৰী দীপামনি দাস,সমাজসেৱী উষাৰানী দেৱী,ইউনিটি উই দ্যা ব্লাড দোনাৰচ অসমৰ সভাপতি দীপক কুমাৰ ডেকা,হেল্পপিং হেণ্ডৰ সঞ্চালক যতীন্দ্ৰ নাথ কৃষ্ণ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা০ বিজয় ভট্টাচাৰ্য,ডা০ দুৰ্গেশ্বৰ শৰ্মা, দৰং জিলা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আনিমা বেগম, দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ অধ্যাপিকা অনিতা দেৱী, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্চিং অধ্যক্ষা গিৰিজা কুমাৰ, ড০ অমূল্য কলিতা,স্বেচ্ছাসেৱী সংগঠন মানূহে মানুহৰ বাবে দৰং অসমৰ সম্পাদক জিতুমণি চহৰীয়া, কৰুনা ধাৰা দৰং জিলা সমিতিৰ উপাধ্যক্ষ শেষৰ মজুমদাৰ, জেষ্ঠ্য সাংবাদিক তথা স্বেচ্ছাসেৱী অনুষ্ঠান ক্ৰিষ্টল ভিচনৰ বিষয়ববীয়া ময়ূখ গোস্বামী, সমাজসেৱী আনিতা ৰাজবংশী, শেৱালী গোস্বামী কলিতা,প্ৰেমদা ভুঞা ,ৰেনু দেৱী নাথ, গীতিকা কাকতি, স্বেচ্ছাসেৱী সংগঠন অঞ্জনা ফাউণ্ডেশ্যনৰ বিষয়া ৰণ বৰুৱা,দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ চাহিদুল ইচলাম, দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী বৃন্দ উপস্থিত থাকে।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী সকলেও বিহু নৃত্য প্ৰদৰ্শন, গীত আৰু স্তন কেঞ্চাৰ সজাগতামূলক নাটক পৰিৱেশন কৰে। লগতে দৰং কেঞ্চাৰ কেন্দ্ৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে কেইবাগৰাকীও ৰোগীক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু ফলমূল, খোৱা বস্তু বিতৰণ কৰে। অনুষ্ঠানত উপস্থিত থাকি সাফল্য মণ্ডিত কৰি তোলাৰ বাবে সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাই অনুষ্ঠানৰ সামৰণি মাৰে ।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন...
আজান'ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত "বিশ্ব পশু চিকিৎসা দিৱস-২০২৪"...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in