আজান'ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত "বিশ্ব পশু চিকিৎসা দিৱস-২০২৪"...

আজান'ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত "বিশ্ব পশু চিকিৎসা দিৱস-২০২৪"...

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজান এ হেল্থ কেয়াৰ ছচায়টি অফ্ আছাম-এ শনিবাৰে আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱত " বিশ্ব পশুচিকিৎসা দিৱস-২০২৪ " উদযাপন কৰে। উল্লেখ্য যে প্ৰতি বছৰে এপ্ৰিল মাহৰ শেষৰ শনিবাৰে বিশ্বজুৰি বিশ্ব পশুচিকিৎসা দিৱস পালন কৰা হয়। ভাৰতীয় পশু চিকিৎসা সংস্থাইও ‘এক বিশ্ব এক স্বাস্থ্য’ৰ বাৰ্তা সমাজত বিয়পাই দিবলৈ " বিশ্ব পশুচিকিৎসা দিৱস ২০২৪ " উপযুক্তভাৱে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে।

সেই পদক্ষেপৰ অংশ হিচাপে আজান নামৰ বেচৰকাৰী সংস্থাটোৰ অবৈতনিক সঞ্চালক তথা অসমৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহকাৰী সঞ্চালক ডা: বিজুজ জাহান চালেহা বেগমৰ উদ্যোগত এখনি আলোচনা চক্ৰ আয়োজিত কৰা হয়। উল্লেখ্য যে ডা: বিজুজ জাহান চালেহা বেগমৰ পিতৃ জহুৰুদ্দিন আহমেদ আৰু মাতৃ ওৱাহেদা বেগমৰ সোঁৱৰণত গঠিত আজান নামৰ সংস্থাটোৰ জৰিয়তে "মহিলাৰ স্বাস্থ্য আৰু মহিলা সৱলীকৰণ" আৰু "শিশুৰ স্বাস্থ্য"ৰ ওপৰতো কেইবা বছৰৰ পৰা অসমৰ বিভিন্ন গাঁৱত সজাগতামূলক অনুষ্ঠান কৰি আহিছে।

আলোচনা চক্ৰৰ উন্মোচক বিশিষ্ট সাহিত্যিক ড° দয়ানন্দ পাঠকৰ উৎসাহমূলক ভাষণেৰে আৰম্ভ হোৱা অনুস্থানটিত প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ তথা হাৰ্ট কেয়াৰ ছ’চাইটি অৱ অসমৰ সভাপতি ডাঃ এন কে ভট্টাচাৰ্জীয়ে “এখন পৃথিৱী, এক স্বাস্থ্য” শীৰ্ষক এক আলোচনা আগবঢ়ায়। তেওঁ জুনোটিক ৰোগ নিয়ন্ত্ৰণ আৰু স্বাস্থ্যসেৱাত পশু চিকিৎসকৰ ভূমিকা সম্পৰ্কে বিষদভাৱে আলোচনা কৰে।

অনুস্থানটিৰ আয়োজক তথা অসম পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সহকাৰী সঞ্চালক ডাঃ বিজুজ জাহান চালেহা বেগমে "বিশ্ব পশুচিকিৎসা দিৱস -২০২৪" ৰ বিষয়বস্তু “পশু চিকিৎসক অত্যাৱশ্যকীয় স্বাস্থ্যকৰ্মী”( Veterinarians are the Essential Health Worker)বিষয়ত আলোচনা আগবঢ়ায় এগৰাকী পশু চিকিৎসক তথা বিষয়াৰ বিভিন্ন অনুষ্ঠানত বিভিন্ন কৰ্মৰ বিষয়ে ৰাইজক অৱগত কৰায়।

ডাঃ বৰ্ণালী শইকীয়াই, উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক ৰোগ নিদান পৰীক্ষাগাৰ (NERDDL)ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে। মুম্বাইৰ অভিনেতা ,পৰিচালক তথা আজানৰ শুভাকাংক্ষী পৰিচালক চৈয়দ আফজল আলীয়ে বিষয়বস্তুৰ আলোচনা প্ৰসঙ্গত কয় যে " চাকৰি নিবিচৰাকৈয়ে বিজ্ঞানসন্মত ভাৱে পশুপালন কৰি এটা পৰিয়াল নিয়াৰিকৈ চলাব পাৰি আৰু তাৰ বাবে প্ৰয়োজন মানসিক পৰিকল্পনা আৰু স্থিৰ মনোবৃত্তিৰ।"

অনুস্থানটিত ডাঃ দীপান্বিতা বৈশ্যই প্ৰজনন প্ৰযুক্তিক বিশেষভাৱে উপস্থাপন কৰি পশু চিকিৎসা খণ্ডৰ শেহতীয়া অগ্ৰগতিৰ ওপৰত আলোচনা কৰে। “অনুস্থানটোত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে পঞ্জাৱ, লুধিয়ানাস্থিত বিশিষ্ট পশু চিকিৎসা বিষয়া ডা: কৰণ সোন্ধী, হাৰ্ট কেয়াৰ ছছাইটি অফ অসমৰ সদস্য মুকুল বৰ্মন ,দেৱাশীস বেনাৰ্জী,প্ৰাঞ্জল কুমাৰ শৰ্মা ,পৰিতোষ দে, নীলাক্ষী গোস্বামী বৰুৱাই। উক্ত অনুস্থানতে ডা: নৱনীতা দাস, ঔপন্যাসিক আফজাল আলী ,মিছেছ অৰ্চনা ভট্টাচাৰ্য্য, দিক্ষা শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয়।

আজান'ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত "বিশ্ব পশু চিকিৎসা দিৱস-২০২৪"...
বৰপেটাত ফণীভূষণকে ধৰি কংগ্ৰেছ, চিপিআইএমৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in